NORTHEAST NOW (Assamese)

‘শিখসকলৰ ধৈৰ্যৰ পৰীক্ষা নল’ব’; কোনে সকীয়নি দিলে মোদীক!

November 23, 2021 5:04 pm · এন ই নাও নিউজ, গুৱাহাটী

শিখসকলৰ ধৈৰ্যৰ পৰীক্ষা নল’ব। তেওঁলোকে সহজে একো পাহৰি নাযায়। আনকি ৩০০ বছৰৰ পাছতো তেওঁলোকে প্ৰত্যুত্তৰ দিয়ে। শিখসকলক হৰুৱাব নোৱাৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এইদৰে একপ্ৰকাৰৰ ভাবুকিয়ে প্ৰদান কৰিলে মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকে।

সামাজিক মাধ্যমত শেহতীয়াকৈ ভাইৰেল হৈ পৰা তেওঁৰ এটা বক্তব্যই ব্যাপক চৰ্চা লাভ কৰিছে। উক্ত ভাষ্যটো তেওঁ যোৱা ৮ নৱেম্বৰৰ এটা অনুষ্ঠানত দিছিল। চলচ্চিত্ৰ নিৰ্মাতা অশোক পণ্ডিত উক্ত ভিডিঅ’ ক্লিপটো ভাইৰেল কৰি তোলে। লক্ষ্যণীয়ভাৱে, সত্যপাল মালিক হৈছে শাসনাধীষ্ঠ বিজেপিৰে এজন জ্যেষ্ঠ নেতা।

ভিডিঅ’টো কৃষি আইন বাতিল কৰাৰ আগৰ। তাত সত্যপাল মালিকে কোৱা শুনা গৈছে যে যদি নৰেন্দ্ৰ মোদীয়ে কৃষি আইন তিনিখন বাতিল নকৰে, তেন্তে ইয়াৰ পৰিণতি ভয়াৱহ হ’ব পাৰে। প্ৰধানমন্ত্ৰীয়ে ভুল বুজি আছে যদিহে তেওঁ ভাবিছে যে কৃষকসকল নিজে নিজে ৰাজপথ এৰি ঘৰলৈ ঘূৰি যাব।

 

মালিকে লগতে কয় যে কৃষকসকলক খালি হাতেৰে ঘৰলৈ উভটাই পঠোৱাটো অনুচিত। তেওঁলোকে যিসমূহ দাবী কৰিছে সেয়া প্ৰধানমন্ত্ৰীয়ে পালন কৰা উচিত।

এইক্ষেত্ৰত সত্যপাল মালিকে প্ৰাক্তন প্ৰধানম্ত্ৰী ইন্দিৰা গান্ধীৰো প্ৰসংগ টানি আনে। তেওঁ কয় যে অপাৰেচন ব্লু ষ্টাৰৰ পাছত ইন্দিৰাই নিজৰ পৰিণামৰ বিষয়ে অৱগত আছিল। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আনকি ইন্দিৰাই নিজৰ ফাৰ্মহাউচত মহা মৃত্যুঞ্জয় যজ্ঞও কৰিছিল।

এই বিষয়ে সত্যপাল মালিকক নেহৰু-গান্ধী পৰিয়ালৰ সদস্য তথা ৰাজনীতিবিদ অৰুণ নেহৰুৱে অৱগত কৰিছিল। মালিকে জনায় যে ইন্দিৰাই নিজৰ হত্যাৰ আশংকা অৰুণ নেহৰুৰ আগত ব্যক্ত কৰিছিল।

ইন্দিৰা গান্ধীৰ উপৰিও সত্যপাল মালিকে শিখসকলৰ যুঁজাৰু মনোবৃত্তিৰ আৰু প্ৰসংগ দাঙি ধৰে। তেওঁ কয় যে অপাৰেচন ব্লু ষ্টাৰৰ নেতৃত্ব লোৱা জেনেৰেল বৈদ্যক শিখসকলে পুনেত গৈ হত্যা কৰিছিল, জালিৱানাবাগ হত্যাকাণ্ড চলোৱা ব্ৰিটিছ জেনেৰেল ডায়াৰক হত্যা কৰিছিল লণ্ডনত। ইয়াৰ দ্বাৰা সত্যপাল মালিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক একপ্ৰকাৰৰ ভাবুকিয়ে প্ৰদান কৰিছে।

উল্লেখযোগ্য যে সত্যপাল মালিক হৈছে উত্তৰপ্ৰদেশৰ জাট সম্প্ৰদায়ৰ এগৰাকী প্ৰভাৱশালী বিজেপি নেতা। বৰ্তমান মেঘালয়ৰ ৰাজ্যপাল মালিক ইয়াৰ পূৰ্বে জম্মু কাশ্মীৰ, গোৱা, বিহাৰ আৰু ঊৰিষ্যাৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

কৃষি আইনৰ বিৰোধিতাৰে তেওঁ শেহতীয়াকৈ কেইবাটাও ভাষ্য প্ৰদান কৰি আহিছে। সম্প্ৰতি ভাইৰেল হৈ পৰা উক্ত ভিডিঅ’টোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাবুকি প্ৰদান কৰাৰ বিষয়টো ব্যাপক লক্ষ্যণীয় হৈ পৰিছে।

Related News