NORTHEAST NOW (Assamese)

ত্ৰিপুৰা ট্ৰাইবেল স্বায়ত্তশাসিত পৰিষদত ৰাজ্যপালৰ শাসনৰ সময়সীমা বৃদ্ধি

November 18, 2020 10:02 am · এন ই নাও নিউজ
ত্ৰিপুৰাৰ ৰাজ্যপাল

ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট’নোমাছ ডিষ্ট্ৰিক কাউঞ্চিল (টিটিএএডিচি)ত ছয়মাহৰ বাবে পুনৰ ৰাজ্যপালৰ শাসন বৃদ্ধি কৰা হৈছে।

ক’ৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰা বাবে টিটিএএডিচিত ৰাজ্যপালৰ শাসনৰ সময় বৃদ্ধি কৰা হৈছে বুলি জানিব পৰা গৈছে।

‘‘স্বায়ত্ত শাসিত জিলা পৰিষদত ক’ৰ’না মহামাৰীৰ বাবে যিহেতু নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যোৱা নাই সেয়েহে ট্ৰাইবেল পৰিষদত মোৰ হৈ জি কে ৰাওৰ প্ৰশাসনে শাসনভাৰ চম্ভালিব,’’ ত্ৰিপুৰাৰ ৰাজ্যপাল ৰমেশ বায়াছে এইদৰে উল্লেখ কৰে।

উল্লেখযোগ্য যে, ত্ৰিপুৰাৰ একমাত্ৰ ট্ৰাইবেল পৰিষদত প্ৰথমবাৰৰ বাবে ৰাজ্যপালৰ শাসন জাৰি কৰা হৈছে।

ইয়াৰ পূৰ্বে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ত্ৰিপুৰাৰ ট্ৰাইবেল পৰিষদত পূৰ্ণ পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাটো ত্ৰিপুৰা চৰকাৰে বিচাৰে বুলি উল্লেখ কৰিছিল।

‘‘বৰ্তমান যিহেতু ট্ৰাইবেল পৰিষদত ৰাজ্যপাল শাসন চলি আছে গতিকে নিৰ্বাচন অনুষ্ঠিত কৰা সন্দৰ্ভত মই মতামত দিব নিবিচাৰো কিন্তু নিৰ্বাচন অনুষ্ঠিত হ’লে আমাৰ দলে বিজয়ী হ’ব,’’ মুখ্য মন্ত্ৰী দেৱে লগতে কয়।

আনহাতে, সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি ডিচেম্বৰ মাহত ত্ৰিপুৰাত পৌৰসভা আৰু ট্ৰাইবেল পৰিষদৰ নিৰ্বাচন একেলগে অনুষ্ঠিত হ’ব পাৰে।

Related News