NORTHEAST NOW (Assamese)
অসম

কৃষক বিদ্ৰোহত উদগনি যোগোৱাৰ অভিযোগ: পাকিস্তান পৰিচালিত ১১০০ টা টুইটাৰ একাউণ্ট বন্ধৰ নিৰ্দেশ চৰকাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 8, 2021 1:39 pm
twitter_users_66

তিনি খনকৈ কৃষি আইন বাতিলৰ দাবীত প্ৰায় দুমাহ ধৰি দিল্লীত আন্দোলন কৰি থকা কৃষকসকলক পাকিস্তানৰ পৰা পৰিচালিত সহস্ৰাধিক টুইটাৰ একাউণ্টৰ জৰিয়তে উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ভাৰত চৰকাৰে।

সেই মৰ্মে পাকিস্তানৰ পৰা পৰিচালিত বুলি সন্দেহ কৰা ১১৭৮ টা টুইটাৰ একাউণ্ট বন্ধ কৰাৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে।

কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে ৪ ফেব্ৰুৱাৰীতে চৰকাৰে টুইটাৰ কৰ্তৃপক্ষলৈ এনে টুইটাৰ একাউণ্টৰ এখন তালিকা দাখিল কৰিছে।

উক্ত টুইটাৰ একাউণ্টৰ জৰিয়তে কৃষকসকলক বিভিন্ন ধৰণে প্ৰৰোচিত কৰা হৈছে বুলি চৰকাৰে অভিযোগ কৰিছে। ইয়াৰ পূৰ্বেও কেন্দ্ৰৰ হেঁচাত ২৫৭ টা টুইটাৰ একাউণ্ট বন্ধ কৰি দিয়া হৈছিল।

উল্লেখ্য  পাকিস্তানে ৩০৮ টা ভুৱা টুইটাৰ একাউণ্ট ব্যৱহাৰ কৰি কৃষকৰ ট্ৰেক্টৰ ৰেলী হিংসাত্মক কৰি তুলিবলৈ  চেষ্টা চলোৱা বুলি  দিল্লী আৰক্ষীৰ শীৰ্ষ বিষয়া দীপেন্দ্ৰ পাঠকে  কিছুদিন পূৰ্বে প্ৰকাশ কৰিছিল।

তেওঁ কৈছিল যে পাকিস্তানত ১৩ জানুৱাৰীৰ পৰা ১৮ জানুৱাৰীৰ ভিতৰত সেই টুইটাৰ একাউণ্ট কেইটা খোলা হৈছিল ।

উল্লেখ্য যে কেন্দ্ৰৰ তিনিখন বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত দিল্লী সীমান্তৱৰ্তী অঞ্চলসমূহত প্ৰচণ্ড শীতকো নেওচি দেশৰ হাজাৰ হাজাৰ কৃষকে যোৱা প্ৰায় দুমাহ ধৰি আন্দোলন কৰি আছে।