NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ দ্ৰুত উন্নয়নৰ বাবে চৰকাৰ বদ্ধপৰিকৰ : উত্তৰ লখিমপুৰত হিমন্ত বিশ্ব শৰ্মা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 17, 2019 7:00 pm
HBS

দুদিনীয়া ধেমাজি আৰু লখিমপুৰ ভ্ৰমণলৈ যোৱা ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমৰ দ্ৰুত উন্নয়নৰ বাবে বদ্ধপৰিকৰ বুলি মন্তব্য কৰে।

প্ৰসূতি তথা শিশু স্বাস্থ্য চিকিৎসালয় আৰু উত্তৰ-লখিমপুৰ অসামৰিক চিকিৎসালয়ত ডায়ালাইছিছ সেৱা মুকলি কৰি শৰ্মাই এনেদৰে মন্তব্য কৰে।

‘‘ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত নিৰ্মাণ হোৱা চিকিৎসালয়খনত ১৬৯ খন বিছনা থকাৰ লগতে আই চি য়ুৰ সুবিধা উপলব্ধ হ’ব,’’ শৰ্মাই কয়।

আনহাতে, ডায়ালাইছিল সেৱা আঁচনি মুকলি কৰি শৰ্মাই এই আঁচনি লখিমপুৰৰ লোকসকলৰ বাবে বিনামূলীয়া হ’ব বুলি কয়।

তেওঁ লগতে বৰ্তমানলৈ ৩২ গৰাকী ৰোগীয়ে চৰকাৰী সেৱাৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰা বুলিও উল্লেখ কৰে।

তদুপৰি, স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে উত্তৰ-লখিমপুৰত কেমোথেৰাপি আৰু ৰে সুবিধাযুক্ত এখন কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপন কৰা হ’ব বুলিও ঘোষণা কৰে।

‘‘কৰ্কট ৰোগৰ চিকিৎসালয়খন ১৮ মাহৰ ভিতৰত নিৰ্মাণ কৰি উলিওৱা হ’ব,’’ শৰ্মাই লগতে কয়।

২০২০ চনৰ ১৫ আগষ্টৰ ভিতৰত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য্যও সম্পূৰ্ণ কৰি তোলা হ’ব বুলি হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে।

শৰ্মাই ইয়াৰ লগতে ঢকুৱামুখত ৫৪ কোটি টকীয়া ঢকুৱামুখ পানী যোগান আঁচনিৰ আধাৰশিলাও স্থাপন কৰে।