NORTHEAST NOW (Assamese)
অসম

নৱ প্ৰজন্মৰ ভৱিষ্যততকৈ ব্যৱসায় তুচ্ছ: গুটখা বিক্ৰী নকৰে পাণ ব্যৱসায়ী সন্থাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 17, 2019 7:37 pm
Tobacco selling Greater Guwahati Paan Shop Business Association says no to Gutkha, Paan Masala

এক অভূতপূৰ্ব দৃষ্টান্তৰে বৃহত্তৰ গুৱাহাটী পাণ দোকান ব্যৱসায়ী সন্থাই দেওবাৰে সিদ্ধান্ত লৈছে, তেওঁলোকে আৰু পাণ মছলা বা গুটখা বিক্ৰী নকৰে।

বৰঞ্চ ওলোটাই সন্থাই কৈছে, ইমানদিনে ৰাজ্য চৰকাৰে গুটখা নিষিদ্ধ কৰি অসমত আইন বলবৎ কৰিব নোৱাৰাটো আছিল “অতিশয় দুৰ্ভাগ্যজনক”।

শেহতীয়াকৈ কেন্দ্ৰৰ লগতে অসম চৰকাৰেও গুটখা-পাণ মছলা বন্ধ কৰাৰ উদ্যোগ লোৱা বুলি উল্লেখ কৰি সন্থাই কৈছে যে “আঁচনি”খনত তেওঁলোকে সহযোগিতা আগবঢ়াব।

“আমি বৃহত্তৰ গুৱাহাটী পাণ দোকান ব্যৱসায়ী সন্থাই ইয়াক আদৰণি জনোৱাৰ লগতে এই আঁচনি ফলপ্ৰসূ হোৱাত সকলোধৰণৰ সহযোগিতা আগবঢ়াম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছো,” বিবৃতিত প্ৰকাশ।

বিহাৰত সুৰা নিষিদ্ধকৰণৰ দৰে এনে আইন অসমত বলবৎকৰণত বিফলতাক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি সন্থাই গুটখাৰ “উৎপাদন, বিপণন আৰু সেৱন”ক সৰ্বাত্মক বিৰোধিতা কৰিছে।

Greater Guwahati Paan Shop Business Association says no to Gutkha, Paan Masala
বৃহত্তৰ গুৱাহাটী পাণ দোকান ব্যৱসায়ী সন্থাৰ বিবৃতি।

উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটীৰ পাণ ব্যৱসায়ীসকলৰ এই সিদ্ধান্তৰ ফলত অসমৰ বাকী ঠাইৰ লগতে আন ৰাজ্যৰ দোকানীসকলেও অনুৰূপ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা বৃদ্ধি পাব।

সন্থাই লগতে সাংবাদিকসকলকো তেওঁলোকৰ অভিযানলৈ নিমন্ত্ৰণ দিছে।

“আপোনালোকৰ সহযোগিতাই আমাৰ নৱ প্ৰজন্মক সুৰক্ষিত কৰিব বুলি আমি আশাবাদী,” “সাংবাদিক বন্ধু”ক সন্থাই কয়।

সন্থাই “অধিক মাত্ৰাত নিকোতিনে প্ৰজন্মৰ পিছত প্ৰজন্মক পংগু” কৰাৰ আশংকা প্ৰকাশ কৰিছে।

কিন্তু, তাৎপৰ্য্যপূৰ্ণভাৱে নিক’টিনযুক্ত সামগ্ৰীৰ ওপৰতে পাণ দোকান বৰ্তি থকাৰ কথাটো তেওঁলোকে কি ভাবিছে ধাৰণা কৰিব পৰা হোৱা নাই।