NORTHEAST NOW (Assamese)

বিজেপি চৰকাৰৰ নিবনুৱাক ললিপপ: চাকৰি প্ৰাৰ্থীৰ বয়স বঢ়াওক চাৰি ৪ বছৰ কমালেহে!

September 5, 2020 7:32 pm · দুলাল মিশ্ৰ
Updated: September 5, 2020 9:01 pm

বিগত বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ২৬ লাখ নিবনুৱাক চাকৰি দিয়া হ’ব বুলি ঘোষণা কৰিছিল বৰ্তমানৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বিজেপিৰ এই গৰাকী নেতাৰ ঘোষণাৰ পিছত লুইতেৰে বহু পানী বাগৰি গ’ল, বাগৰিল দিন-মাহ-বছৰ। কিন্তু আজিলৈকে অসমৰ ২৬ লাখ নিৱনুৱাই নাপালে কোনো কৰ্মসংস্থাপন।

চাকৰি দিয়াৰ নামত কেৱল পূৰ্বে অস্থায়ী ভিত্তিত কাম কৰি থকা একাংশ শিক্ষকৰ চাকৰি নিয়মীয়া কৰিয়েই শিক্ষা তথা বিত্ত মন্ত্ৰী গৰাকীয়ে বাহঃ বাহঃ লোৱাৰ চেষ্টা চলালে।

বিগত প্ৰায় চাৰিটা বছৰ ধৰি ৰাজ্যৰ নিবনুৱাৰ সংস্থাপনৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰাত এক প্ৰকাৰ ব্যৰ্থ হোৱা বিজেপি নেতৃত্বাধীন চৰকাৰখনে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিবনুৱা যুৱক-যুৱতীসকলক আশ্বস্ত কৰাৰ বাবে কেতবোৰ ঘোষণা কৰাত ব্যস্ত হৈ পৰিছে।

এনে ব্যস্ততাৰ মাজতে চৰকাৰৰ বহু মন্ত্ৰীয়ে পাহৰি পেলাইছে নিৰ্বাচনৰ পূৰ্বে আৰু নিৰ্বাচনৰ পিছত তেওঁলোকে নিবনুৱাকলৈ কি ঘোষণা কৰিছিল বা কেনে সিদ্ধান্ত গ্ৰহণ কৰিছিল।

ৰাজ্যত কৰ্ম সংস্থাপন সৃষ্টিত ব্যৰ্থ হোৱা চৰকাৰখনে এদিন নিবনুৱাৰ বাবে নিজে গ্ৰহণ কৰা সিদ্ধান্তকেই পাহৰি পেলাইছে।

সেয়ে নিবনুৱাক আশ্বস্ত কৰিবলৈ চৰকাৰখনে নতুন বটলত পুৰণি মদ ভৰোৱাৰ নীতি গ্ৰহণ কৰিছে বুলি আলোচনা হৈছে।

শেহতীয়াকৈ ৰাজ্যিক কেবিনেটে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ প্ৰাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা ৪০ বছৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱো গ্ৰহণ কৰিছে।

কিন্তু লক্ষ্যণীয় কথাটো হ’ল ২০১৮ চনতে অসম চৰকাৰৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা এটা বিশেষ টুইটে এতিয়া নিবনুৱাসকলৰ সন্মুখত চৰকাৰৰ স্ববিৰোধী স্থিতিকেই প্ৰমাণ কৰিছে।

২০১৮ চনৰ ২১ মে’ত হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বয়সৰ সৰ্বোচ্চ সীমা ৩৮ৰ পৰা ৪৪লৈ বৃদ্ধি কৰা হৈছে।

সেই মৰ্মে ২০১৮ চনৰ ২১ ডিচেম্বৰত শিক্ষা বিভাগকে ধৰি আন কেইবাটাও বিভাগে প্ৰকাশ কৰা বিজ্ঞাপনত চাকৰিৰ বয়সর সৰ্বোচ্চ সীমা ৪৪ বুলিয়েই উল্লেখ কৰিছিল।

ইমানৰ পিছতো পুনৰ চৰকাৰে পুৰণি মদকে নতুন বটলত ভৰাই নিবনুৱাৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰা বুলি দেখুওৱাৰ আঁৰত কি ৰহস্য লুকাই আছে তাকে ভাবিহে আচৰিত হৈছে জনতা।

হিমন্ত বিশ্বই কৰা টুইটত স্পষ্টভাৱে উল্লেখ আছিল যে পাৰ্ছ’নেল ডিপাৰ্টমেণ্টে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ প্ৰাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা ৪৪ লৈ বৃদ্ধিৰ জাননী জাৰি কৰিছে।

শিক্ষা বিভাগেও বিত্ত বিভাগৰ জাননী EEG.32/2016/12 Dated 21st May, 2018 of Finance (Esstt.-A) Department, Govt. of Assam ৰ ভিত্তিত বিজ্ঞাপনত চাকৰি প্ৰাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা ৪৪ বুলিয়েই উল্লেখ কৰিছিল। তৎসত্বেও এতিয়া বয়স কিয় চাৰিবছৰ কমোৱা হ’ল তাকে লৈয়ো প্ৰশ্নৰ উদয় হৈছে। সচেতন মহলে সেয়ে চৰকাৰে বিষয়টো সন্দৰ্ভত স্থিতি স্পষ্ট কৰিব বুলি আশা কৰিছে।

Related News