NORTHEAST NOW (Assamese)
অসম

GST কৰদাতাসকলৰ বাবে সকাহ; ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 15, 2019 11:23 am
1531309290_xD31He_shutterstock_gst-470

বিত্ত মন্ত্ৰালয়ে GST কৰদাতাসকলক এক ডাঙৰ সকাহ দিছে। GSTR-9 আৰু GSTR-9C ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি কৰা হৈছে।

২০১৭-১৮ বিত্তীয় বৰ্ষৰ ৰিটাৰ্ণ দাখিলৰ অন্তিম তাৰিখ ৩০ নৱেম্বৰৰ পৰা বৃদ্ধি কৰি ৩১ ডিচেম্বৰ,২০১৯’ কৰা হৈছে।

আনহাতে, ২০১৮-১৯ বিত্তীয় বৰ্ষৰ ৰিটাৰ্ণ দাখিলৰ অন্তিম তাৰিখ ৩১ ডিচেম্বৰ,২০১৯’ৰ পৰা বৃদ্ধি কৰি ৩১ মাৰ্চ,২০২০’ কৰা হৈছে।

GSTR-9 ৰিটাৰ্ণ ফৰ্ম বাৰ্ষিক ৰিটাৰ্ণৰ বাবে দাখিল কৰিব লাগে য’ত GSTR-9C পুনৰ্বিন্যাস কৰিব লগীয়া সকলে দাখিল কৰিব লাগিব।

ইপিনে, চৰকাৰে আন এক ব্যৱস্থা প্ৰৱৰ্তন কৰিছে যে এই ফৰ্ম দাখিল কৰাৰ সময়ত কিছুমান “কলম’ বিকল্প হিচাপে ৰখা হৈছে অৰ্থাৎ এই কলমসমূহ পূৰণ কৰাটো জৰুৰী নহয়। কোনোৱে ইচ্ছা কৰিলে পূৰণ কৰিবও পাৰে।

এতিয়া ফৰ্মত তথ্য প্ৰদানৰ বাবে লোৱা টেক্স ক্ৰেডিটৰ তথ্য পৃথক পৃথক তথ্য দিয়াটো বিকল্প কৰি দিয়া হৈছে আৰু HSN লেবেলৰ তথ্য দিয়াটোও জৰুৰী নহয়। অৱশ্যে এই ৰেহাই ২০১৭-১৮ আৰু ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাবেহে দিয়া হৈছে।

CBICৰ মতে নতুন সলনিৰে GST ৰিটাৰ্ণ দাখিলত থকা সমস্যা দূৰ হ’ব আৰু GST দিবলগীয়া লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে ৰাজহৰ পৰিমানো বৃদ্ধি পাব।