NORTHEAST NOW (Assamese)
অসম

কোভিড-১৯: হোম কোৱাৰেন্টাইনৰ সময় ৭দিনলৈ হ্ৰাস কৰিলে অসম চৰকাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 25, 2020 11:01 am
WhatsApp-Image-2020-01-25-at-1.33.45-PM-750x375

অসম চৰকাৰে হাস্পাতলৰ পৰা ডিচচাৰ্জ হোৱা কোভিড-১৯ ৰোগীৰ হোম কোৱাৰেন্টাইনৰ সময় ৭দিনলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে এই কথা জানিবলৈ দিছে।

মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে হোম কোৱাৰেন্টাইনৰ সময় ১৪ দিনৰ পৰিৱৰ্তে সাত দিনলৈ হ্ৰাস কৰা হৈছে।

আনহাতে, পূৰ্বে হাস্পাতলৰ পৰা মুক্ত কৰি দিয়া ৰোগীক চৰকাৰে আগবঢ়োৱা ২০০০টকাৰ অত্যাৱশ্যকীয় সামগ্ৰী দৰিদ্ৰ সীমা ৰেখাৰ তলৰ (বিপিএল) লোক, জ্যেষ্ঠ নাগৰিক, অসুস্থ আৰু দিব্যাংগৰ বাহিৰে আন লোকলৈ আগবঢ়োৱা নহয়।

ইপিনে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিবে শুকুৰবাৰে দিয়া এক নিৰ্দেশনাত এই কথা প্ৰকাশ কৰাৰ লগতে আন কেইটামান কথাও স্পষ্ট কৰিছে।

নিৰ্দেশনাটোত কোৱা হৈছে যে চৰকাৰে কোভিড আক্ৰান্ত সকলো লোকলৈ সম্ভাৱ্য সৰ্বাধিক চিকিৎসা সেৱা তথা সুবিধা আগবঢ়োৱাৰ বাবে দায়বদ্ধ আৰু সকলো নাগৰিকে যাতে বিনামূলীয়া পৰীক্ষা আৰু চিকিৎসাৰ সুবিধা লাভ কৰে সেয়া নিশ্চিত কৰা হৈছে।

সেইদৰে নিৰ্দেশনাটোত লগতে কোৱা হৈছে যে যিসকল লোক বাহিৰত আৱদ্ধ হৈ আছিল আৰু অসমলৈ উভতি আহিব পৰা নাছিল তেওঁলোকলৈ বিত্তীয় সাহায্য আগবঢ়োৱা হৈছে।