NORTHEAST NOW (Assamese)
অসম

‘PNG সংযোগ থাকিলে নাপাব LPG চিলিণ্ডাৰ’, পেট্ৰ’ল-ডিজেলৰ বাবেও কঠোৰ নিৰ্দেশনা জাৰি কেন্দ্ৰৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী March 15, 2026 8:11 am

পশ্চিম এছিয়াৰ যুদ্ধৰ বাবে গেছৰ বজাৰখন অস্থিৰ হৈ পৰিছে। পুৱাৰে পৰা ডিলাৰৰ দোকানত শাৰী পাতিছে সাধাৰণ মানুহে। প্ৰথম অৱস্থাত এই সংকটৰ কথা স্বীকাৰ কৰিব বিচৰা নাছিল যদিও শনিবাৰে মোডী চৰকাৰে স্বীকাৰ কৰে যে এল পি জিক লৈ কিছু উদ্বেগ আছে। এই পৰিস্থিতিত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে পাইপ প্ৰাকৃতিক গেছ বা পিএনজি গ্ৰাহকৰ বাবে নিৰ্দেশনা জাৰি কৰিছে।

নিৰ্দেশনাত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে, ‘পিএনজি সংযোগ থাকিলে এলপিজি চিলিণ্ডাৰ পোৱা নাযাব।’ একে সময়তে পেট্ৰ’ল-ডিজেল বিক্ৰী সন্দৰ্ভতো কেন্দ্ৰীয় চৰকাৰে পেট্ৰোল পাম্পৰ ওপৰত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।

পৰিসংখ্যা অনুসৰি ২০২৫ চনৰ ভিতৰত চহৰ আৰু উপকণ্ঠ অঞ্চলৰ প্ৰায় ৮০ লাখ ঘৰত পিএনজি সংযোগ আছে। ইয়াৰে অধিকাংশই এল পি জি চিলিণ্ডাৰো ব্যৱহাৰ কৰে। এতিয়া তেনেকুৱা নহ’ব।

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ নিৰ্দেশনাত কোৱা হৈছে যে, ‘পিএনজি সংযোগ থাকিলে গ্ৰাহকে এলপিজি চিলিণ্ডাৰ ৰাখিব নোৱাৰিব। নতুন চিলিণ্ডাৰৰ বাবে তেওঁ বুকিং কৰিব নোৱাৰিব।’ কেৱল সেয়াই নহয়, যিসকলৰ ঘৰত দুয়োবিধ সংযোগ আছে তেওঁলোকক তৎক্ষণাত এল পি জি চিলিণ্ডাৰ ত্যাগ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰালয়ে নিৰ্দেশ দিছে। লগতে তেওঁলোকে নতুন এল পি জি সংযোগ ল’ব নোৱাৰিব বা ৰিফিল কৰাব নোৱাৰিব বুলিও জনোৱা হৈছে।

একে সময়তে কেন্দ্ৰীয় চৰকাৰে পেট্ৰল-ডিজেল সন্দৰ্ভত পাম্পসমূহক কঠোৰ নিৰ্দেশনাও দিছে। তেলৰ নাটনিৰ মাজতে বহু লোকে বটল বা জাৰত পেট্ৰল-ডিজেল ক্ৰয় কৰিছে। ঠিক এল পি জি চিলিণ্ডাৰৰ ক্ষেত্ৰত হোৱাৰ দৰেই। অনাগত দিনত গেছ উপলব্ধ নহ’ব পাৰে বুলি ভয়তে যিমান পাৰে সিমান গেছ বুকিং কৰিছে। বহুতে পাম্পলৈ গৈ পেট্ৰল-ডিজেলো কিনিছে।

এনে পৰিস্থিতিত চাহিদা বৃদ্ধিৰ বাবে কৃত্ৰিম সংকটৰ সৃষ্টি নহ’বৰ বাবে কেন্দ্ৰীয় চৰকাৰে কৈছে যে ‘পেট্ৰল আৰু ডিজেল বটল, জাৰ বা অসুৰক্ষিত খালী পাত্ৰত বিক্ৰী কৰিব নোৱাৰিব।’ অন্যথা আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিয়া হৈছে।

যোৱা ২৮ ফেব্ৰুৱাৰীত যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা হৰমুজ প্ৰণালী প্ৰায় বন্ধ হৈ আছে। ইয়াৰ প্ৰভাৱ পাকঘৰত পৰিছে। কাৰণ ভাৰতৰ ৯০ শতাংশ এল পি জি গেছ হৰমুজৰ জৰিয়তে আহে। অৱশ্যে ইৰাণে বৃহস্পতিবাৰে ঘোষণা কৰে যে ভাৰতৰ পতাকা থকা জাহাজসমূহক ‘নিৰাপদ পথ’ প্ৰদান কৰিব। একাংশ সূত্ৰৰ মতে ইয়াৰ ফলত সংকট কিছু পৰিমাণে লাঘৱ হ’ব।

কিন্তু শনিবাৰে কেন্দ্ৰই প্ৰথমবাৰৰ বাবে সংকটৰ কথা স্বীকাৰ কৰিছে। পেট্ৰলিয়াম মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই কয় যে এল পি জিক লৈ উদ্বেগ প্ৰকাশ পাইছে। অৱশ্যে প্ৰয়োজনীয় গেছৰ যোগান যথেষ্ট বুলি তেওঁ দৃঢ়ভাৱে দাবী কৰে।

ইপিনে, শনিবাৰে পুৱাই ভাৰতৰ দুখন জাহাজে গেছ লৈ হৰমুজ পাৰ হৈছে। অহা ১৬ৰ পৰা ১৭ মাৰ্চৰ ভিতৰত গুজৰাট বন্দৰত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে৷ অৱশ্যে সূত্ৰৰ পৰা জানিব পৰা মতে, হৰমুজত এতিয়াও আবদ্ধ হৈ আছে ২৪খন ভাৰতীয় গেছ ভৰ্তি জাহাজ। পেট্ৰলিয়াম মন্ত্ৰালয়ে আশ্বাস দিছে, ‘ঘৰুৱা এল পি জিক লৈ আতংকিত হোৱাৰ প্ৰয়োজন নাই। চিকিৎসালয় আৰু বিদ্যালয়-মহাবিদ্যালয়তো নিয়মীয়াকৈ চিলিণ্ডাৰ যোগান দিয়া হৈছে।