NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত জীৱন্তে উদ্ধাৰ কেঁকো সাপ, আৰক্ষীৰ জালত ৩ চোৰাং ব্যৱসায়ী

Posted by: ৰিদিপ শৰ্মা August 28, 2018 11:15 pm

কলিয়াবৰৰ মিছা আৰক্ষীৰ অভিযানত মঙলবাৰে বিয়লি কেঁকোসাপৰ সৈতে মিছা আৰক্ষীয়ে আটক কৰে তিনিজন চোৰাং ব্যৱসায়ীক।

মিছা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি উক্ত চোৰাং চিকাৰীৰ দলটোক লেংটেঙৰ পৰা এডাল কেঁকো সাপ লৈ বিক্ৰীৰ উদ্দেশ্যে আনি থকা অৱস্থাত মিছা আৰক্ষীয়ে মিছা-কেলিডেন সংযোগী পথত দলটোক আগুচি ধৰি তালাচী চলাই আৰু সাপসহ তিনি চোৰাংচিকাৰীক গ্ৰেপ্তাৰ কৰে লগতে এখন পালচাৰ বাইক জব্দ কৰে।

ধৃত তিনি চোৰাং ব্যৱসায়ী জিয়াৰুল হক, ইম্ৰাদুল ইচলাম আৰু নজৰুল ইচলাম। আটকাধীন চোৰাং ব্যৱসায়ীৰ পৰা জব্দ কৰে AS-02-R-4090 নম্বৰৰ পালছাৰ বাইকখন।

কিছুদিন আগতেও মিছা আৰু কলিয়াবৰ আৰক্ষীয়ে কেঁকো সাপসহ এজন লোকক আটক কৰালৈ চাই অনুমান কৰিব পাৰি যে কলিয়াবৰত কেঁকো সাপৰ চোৰাং বিক্ৰীৰ এক বেহা গঢ় লৈ উঠিছে।

আনহাতে ধৃত চোৰাং চিকাৰীসকলক বন বিভাগে নিজৰ জিম্মাত লৈছে বুলি মিছা আৰক্ষীয়ে আমাক জানিবলৈ দিছে।