NORTHEAST NOW (Assamese)

মুদা মৰিব কম ভাড়াত ৰে’ল যাত্ৰা কৰাৰ, নিজৰ ইচ্ছামতে ভাড়া নিৰ্দ্ধাৰণ কৰিব ব্যক্তিগত কোম্পানীয়ে

September 18, 2020 7:21 pm · এন ই নাও নিউজ

এটা এটাকৈ দেশৰ বহু কেইটা গুৰুত্বপূৰ্ণ খণ্ডৰ পৰিচালনাৰ দায়িত্ব ইতিমধ্যে ব্যক্তিগত কোম্পানীৰ হাতত এৰি দিছে চৰকাৰে।

বিমান বন্দৰকে ধৰি বহু ৰাজহুৱা সম্পত্তি এতিয়া ব্যক্তিগত কোম্পানীৰ অধীনলৈ গৈছে।

বিশ্বৰ ভিতৰতে সৰ্বাধিক সংখ্যক লোকক কৰ্মসংস্থাপন দিয়া ভাৰতীয় ৰে’ল বিভাগৰো  এতিয়া ব্যক্তিগত কোম্পানীৰ হাতলৈ এই যাওঁ এই যাওঁ অৱস্থা।

ৰে’ল বোৰ্ডৰ অধ্যক্ষ বিজয় কুমাৰ যাদৱে প্ৰকাশ কৰা মতে ২০২৩ চনৰ ভিতৰত ব্যক্তিগত কোম্পানীয়ে ৰে’লত বিনিয়োগ কৰিব।

ব্যক্তিগত কোম্পানীৰ অধীনত চলিবলগীয়া ৰে’লৰ ভাড়াও ব্যক্তিগত কোম্পানীয়ে নিজৰ ইচ্ছামতে বঢ়াই ল’ব পাৰিব বুলি যাদৱে প্ৰকাশ কৰে।

তেওঁ অৱশ্যে ব্যক্তিগত কোম্পানী সমূহে এই ক্ষেত্ৰত বিমান আৰু এয়াৰ কণ্ডিছনেড বাছৰ ভাড়াৰ কথাটো মনত ৰখা উচিৎ হ’ব বুলি মন্তব্য কৰে।

উল্লেখ্য ২০২৩ চনৰ ভিতৰত ভাৰতীয় ৰে’ল বিভাগে দেশৰ ১০৯ টা পথত ১৫১ খন ব্যক্তিগত খণ্ডৰ ৰে’ল চলোৱাৰ পৰিকল্পনা কৰিছে।

সেইমৰ্মে   এলষ্টম এছ এ,বম্বাৰ্ডিয়েৰ ইনকৰ্পৰেটেড, জি এম আৰ ইনফ্ৰাষ্ট্ৰাকছাৰ লিমিটেড,আডানি গ্ৰুপে ব্যক্তিগত ৰে’ল চলোৱাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰদৰ্শন কৰিছে।

ব্যক্তিগত কোম্পানীয়ে ৰে’লৰ ভাড়া নিজৰ ইচ্ছামতে বঢ়াই লোৱাৰ অধিকাৰ পোৱাৰ ফলত কম ভাড়াতে সাধাৰণ যাত্ৰীয়ে ভ্ৰমণ কৰাৰ মুদা হয়তো মৰিব।

Related News