NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে আত্মহত্যা বঙাইগাঁৱৰ এগৰাকী মেধাৱী ছাত্ৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 11, 2019 5:16 pm
srijangram-stuedent

গুৱাহাটীৰ এখন চিকিৎসালয়ত বঙাইগাঁৱৰ এগৰাকী ছাত্ৰই আত্মহত্যাৰ পথ বাছি লোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বঙাইগাঁৱৰ সৃজনগ্ৰামৰ চাৰিপুনীয়াৰ নিবেদন সূত্ৰধৰ নামৰ ছাত্ৰগৰাকীয়ে আত্মহত্যাৰ দৰে কঠোৰ পথ বাছি লোৱা ঘটনাই পৰিয়ালৰ লোকসকলৰ মাজত শোকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে, উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম শ্ৰেণীত উত্তীৰ্ণ ছাত্ৰগৰাকীয়ে দীৰ্ঘদিনৰ পৰা মুত্ৰনলীৰ ৰোগত আক্ৰান্ত হৈ আছিল।

বহুদিন ধৰি ভালেকেইখন চিকিৎসালয়ত চিকিৎসা কৰি কোনোধৰণৰ সুফল নোপোৱাত ছাত্ৰগৰাকীক গুৱাহাটীৰ ছান ভেলী হাস্পাতালত ভৰ্তি কৰোৱা হয়।

গুৱাহাটীৰ চিকিৎসালয়খনত চিকিৎসা চলি থকাৰ সময়তে সোমবাৰে ছাত্ৰগৰাকীয়ে চিকিৎসালয়খনৰ গাধোৱা ঘৰত নিজৰ পিন্ধি থকা কাপোৰেৰে চিপজৰী লৈ আত্মহত্যা কৰে।

ঘৰৰ আৰ্থিক অৱস্থাৰ কথা ভাবিয়ে মেধাৱী ছাত্ৰ গৰাকীয়ে এনেদৰে আত্মহননৰ দৰে সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল বুলি সন্দেহ কৰা হৈছে।

উচ্চতৰ মাধ্যমিকত অধ্যয়ন কৰি থকা ছাত্ৰগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ১৮ বছৰ।