NORTHEAST NOW (Assamese)
Popular Stories

ISL : কাইলৈ গুৱাহাটীত কেৰেলা ব্লাষ্টাৰ্ছৰ মুখামুখি হ’ব নৰ্থ-ইষ্ট য়ুনাইটেড

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 6, 2020 11:37 am

চলিত ISLত ক্ৰমাগতভাৱে ৯খন মেচত জয়ৰ মুখ নেদেখা নৰ্থ-ইষ্ট য়ুনাইটেড এফ চি কাইলৈ ৭ ফেব্ৰুৱাৰীত কেৰেলা ব্লাষ্টাৰ্ছ এফ চিৰ মুখামুখি হ’ব।

গুৱাহাটীৰ সৰুসজাইস্থিত ক্ৰীড়া প্ৰকল্পৰ ইণ্ডিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত কাইলৈ নিশা ৭.৩০ বজাৰ পৰা মেচখন অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে যোৱা ৩১ জানুৱাৰীত মুম্বাইৰ ফুটবল এৰেণাত অনুষ্ঠিত হোৱা মুম্বাই চিটি এফ চি আৰু নৰ্থ-ইষ্টৰ মাজৰ মেচখনত নৰ্থ-ইষ্ট এফ চি ১-০ গ’লত পৰাস্ত হৈছিল।

যোৱা নৱেম্বৰত হাইদৰাবাদক পৰাস্ত কৰাৰ পিছৰে পৰা নৰ্থ-ইষ্ট য়ুনাইটেডে খেলা ৯খন মেচত জয়ৰ মুখ দেখা নাই। যাৰ ফলত ১৩খন মেচত ১১ পইণ্টেৰে তালিকাৰ ৯ নম্বৰ স্থানত থকা নৰ্থ-ইষ্টৰ বাবে প্লে’ অফত স্থান নিৰ্ধাৰণ কৰাটো এক প্ৰকাৰ অসম্ভৱ হৈ পৰিছে।

উল্লেখ্য যে তাৰকা ষ্ট্ৰাইকাৰ জিয়ানে আঘাতৰ বাবে দলৰ পৰা আঁতৰি যোৱাৰ পিছৰে পৰা নৰ্থ-ইষ্টে সফলতাৰ মুখ দেখা নাই।