NORTHEAST NOW (Assamese)

বোকাখাতৰ স্বেচ্ছাসেৱী সংগঠন গ্ৰাছৰ পঞ্চম বাৰ্ষিক ‘গ্ৰাছ এৱাৰ্ড’ প্ৰদান অনুষ্ঠান

November 29, 2021 7:11 pm · উত্তম শইকীয়া ,বোকাখাত
Updated: November 29, 2021 7:13 pm

বোকাখাতৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন গ্ৰাছৰ পঞ্চম বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান দেওবাৰৰ দিনা পুৱতি সাহিত্য সভা ভৱনত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ পৌৰহিত্যত অনুষ্ঠিত হয়।

অনুষ্ঠানৰ আৰম্ভণিতে যিসকল ব্যক্তিৰ স্মৰণত গ্ৰাছ এৱাৰ্ড আগবঢ়োৱা হৈছে সেই সকলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্তই।

বৰগীত পৰিৱেশন কৰে প্ৰান্তিক বৰাই।অনুষ্ঠানত নিজৰা বৰঠাকুৰ, মনোৰঞ্জন সেন, ভৱানন্দ কলিতা, অপূৰ্ব বৰদলৈ,আনিচুৰ ৰহমান,বিজয় শৰ্মা , ফণীধৰ হাজৰিকা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগ বঢ়ায়।

সাংবাদিক প্ৰদ্যুৎ মহন্তই আঁত ধৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে গ্ৰাছৰ সচিব ইন্দ্ৰেশ্বৰ বৰাই।

অনুষ্ঠানতে গ্ৰাছ নামৰ সংগঠনটোৰ মুখপত্ৰ “শ্যামলিমা” উন্মোচন কৰে পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈয়ে।

অনুষ্ঠানত থানেশ্বৰ ভূঞা স্মাৰকগ্ৰাছৰ নিৰ্মল সেউজ বঁটা লাভ কৰে ৰৌদুৱাৰ পথাৰ প্ৰাথমিক বিদ্যালয়ে।বিদ্যালয়ৰহৈ বঁটা গ্ৰহণ কৰে প্ৰধান শিক্ষক অপূৰ্ব হাজৰিকাই।

বিশিষ্ট বিজ্ঞানী ড°পদ্মেশ্বৰ গগৈক ধনীল বৰঠাকুৰ সোঁৱৰণী গ্ৰীণ এৱাৰ্ড প্ৰদান কৰা হয় ।

নুমলী হাজৰিকা স্মাৰক গ্ৰাছ ওমেন এৱাৰ্ড প্ৰদান কৰা হয় গোলাঘাটৰ ৰাখী দত্ত শইকীয়াক ৷ কমলেশ্বৰ বৰা স্মাৰক ফাৰ্মাৰ এৱাৰ্ড প্ৰদান কৰা হয় ললিত দত্তক।

গাম্ভীৰ্যপুৰ্ণ এই অনুষ্ঠানত গ্ৰাছৰ অধ্যক্ষ অংকুৰ বৰঠাকুৰকে ধৰি সকলো সদস্য উপস্থিত থাকে।

Related News