NORTHEAST NOW (Assamese)

বোকাখাতত আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে সেউজ গ্ৰন্থমেলা

January 6, 2019 7:19 pm · উত্তম শইকীয়া
বোকাখাতত সেউজ গ্রন্থমেলা উপলক্ষে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাৰ দৃশ্য। ফটো : নৰ্থইষ্ট নাও

বোকাখাতৰ গড়মুৰ হাইস্কুলৰ খেলপথাৰত আজিৰে পৰা তিনি দিনীয়াকৈ প্ৰথম সেউজ গ্ৰন্থমেলা অনুষ্ঠিত হৈছে ৷ আজি পুৱা বোকাখাতৰ ৰাজহুৱা খেলপথাৰৰ পৰা আৰম্ভ হোৱা বৰ্ণাঢ্য সাংস্কৃতি শোভাযাত্ৰাৰে এই সেউজ গ্ৰন্থমেলা আৰম্ভ হয়৷

অসমৰ চাহ জনগোষ্ঠীৰ বৌদ্ধিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি আয়োজিত এই প্ৰথম সেউজ গ্ৰন্থ মেলা প্ৰতি বছৰতে ৰাজ্যৰ বিভিন্ন চাহ বাগিছাত অনুষ্ঠিত কৰা হ’ব।

অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ উদ্যোগত অসম চাহ জনগোষ্ঠী সাহিত্য সভা আৰু অসম প্ৰকাশন পৰিষদৰ সহযোগত এই গ্ৰন্থ মেলাৰ আয়োজন কৰা হৈছে। গড়মুৰ হাইস্কুলৰ খেলপথাৰত আয়োজিত মেলাথলিৰ মেঘৰাজ কৰ্মকাৰ সোঁৱৰণী মঞ্চত আজি এই মেলাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়।

উদ্বোধনী সভাত মন্ত্ৰী পল্লৱ লোচন দাস, মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভাপতি মনোমতী কুৰ্মী, যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা , অসম প্ৰকাশন পৰিষদ উপাধ্যক্ষ সুমন্ত চলিহা আৰু সাহিত্য একাডেমী বঁটা বিজয়ী জয়ন্ত মাধৱ বৰা উপস্থিত থাকে ৷

অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি সেউজ গ্ৰন্থ মেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্ৰী পল্লৱলোচন দাসে ৷ প্ৰয়াত উমেশ বৰাকৰ দ্বাৰা ৰচিত আৰু শিল্পী বিজয় শৰ্মাৰ সুৰ আৰু পৰিচালনাৰে এটি সমবেত গীতেৰে অনুষ্ঠান আৰম্ভ কৰা হয় ৷ বিয়লিলৈ মেঘৰাজ কৰ্মকাৰ স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয় ৷

Related News