NORTHEAST NOW (Assamese)
অসম

চাহ জনজাতি কল্যাণ বিভাগৰ উদ্যোগত বোকাখাতত ৬-৮ জানুৱাৰিত ‘সেউজ গ্রন্থমেলা’

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া January 3, 2019 11:57 am

অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ উদ্যোগত অসম চাহ জনগােষ্ঠী সাহিত্য সভাৰ সহযােগত অসম প্ৰকাশন পৰিষদৰ দ্বাৰা অহা ৬-৮ জানুৱাৰী লৈকে তিনিদিনীয়া কাৰ্যসূচীৰে বোকাখাতৰ গড়মূৰ হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত হ’ব ‘সেউজ গ্রন্থমেলা’।

চাহ জনগোষ্ঠীৰ মাজত গ্ৰন্থৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে আয়োজিত সেউজ গ্ৰন্থ মেলাৰ এই তিনিওটা দিনতে পুৱা ১১ বজাৰ পৰা নিশা ৮ বজালৈ বিভিন্ন কাৰ্যসুচী অনুষ্ঠিত হ’ব। ৬ জানুৱাৰী পুৱা সাংস্কৃতিক শোভাযাত্রাৰে প্ৰথম বাৰৰ বাবে আয়োজিত এই সেউজ গ্ৰন্থ মেলা শ্রম, চাহ জনজাতি কল্যাণ আৰু শিক্ষা বিভাগৰ মন্ত্ৰী পল্লৱলােচন দাসে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব।

অসম চাহ জনগােষ্ঠী সাহিত্য সভাৰ ভাৰপ্রাপ্ত সভাপতি মনোমতী কুৰ্মীৰ পৌৰোহিত্যত হ’ব লগা এই উদ্বোধনী অনুষ্ঠানত  কৃষিমন্ত্রী অতুল বৰা, যোৰহাটৰ সাংসদ কামাখ্যা প্রসাদ তাছা, ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকা আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

তিনিদিনীয়া এই গ্ৰন্থ মেলাত মেঘৰাজ কর্মকাৰ স্মাৰক বক্তৃতা অনুষ্ঠান, নাৰায়ন ঘাটোৱাৰ স্মাৰক বক্তৃতা অনুষ্ঠান, চাহ জনগােষ্ঠীৰ লােকসাহিত্যত আনন্দ আৰু বেদনা শীৰ্ষক আলোচনা, কবি সন্মিলন, ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা আৰু লগতে আটাইকেইটা দিনতে সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হ’ব বুলি আয়োজক সকলে জানিবলৈ দিছে।

সেউজ গ্ৰন্থমেলাৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও ৮ জানুৱাৰীৰ বিয়লিলৈ অনুষ্ঠিত হ’ব লগা গ্ৰন্থ মেলাৰ সামৰনি অনুষ্ঠানত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশ গ্ৰহণ কৰিব বুলিও আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।