NORTHEAST NOW (Assamese)
Popular Stories

৭ বছৰীয়া শিশু কন্যাক গুলীয়াই হত্যা ম্যানমাৰ সেনাৰ : প্রাণৰ মমতাত সন্ত্ৰস্ত পৰিয়ালবৰ্গৰ আত্মগোপন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 27, 2021 5:12 pm
210325213354-khin-myo-chit-super-tease

যোৱা ১ ফেব্ৰুৱাৰিত হোৱা সামৰিক অভ্যুত্থানৰ পিছৰে পৰা একেৰাহে ম্যানমাৰত অব্যাহত আছে গণতন্ত্ৰকামী জনতাৰ বিপুল প্ৰতিবাদ।

প্ৰতিবাদী জনতাক ভীতিগ্ৰস্ত কৰিবলৈ ম্যানমাৰৰ সামৰিক প্ৰশাসকে সেনা বাহিনীক প্ৰতিবাদী জনতাৰ ওপৰত গুলীবৰ্ষণৰ নিৰ্দেশ দিছে আৰু সেনাবাহিনীৰ এই গুলীবৰ্ষণত এতিয়ালৈকে প্ৰায় ৩৫০ গৰাকীৰো অধিক নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে।

ইয়াৰ মাজত দেশখনৰ ২০ গৰাকীৰো অধিক শিশুও আছে। অৰ্থাৎ ম্যানমাৰৰ সেনাই নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত হত্যালীলা চলাইয়ে ক্ষান্ত থকা নাই, দেশখনৰ শিশুকো গুলীয়াই হত্যা কৰিছে।

ম্যানমাৰ সেনাই গুলীয়াই হত্যা কৰা আটাইতকৈ কণিষ্ঠ শিশুটিৰ বয়স হৈছে মাত্ৰ সাত বছৰ।

যোৱা ২৭ ফেব্ৰুৱাৰিত খিন মাও চিট নামৰ সাত বছৰীয়া কন্যা শিশুটিক নিজ বাসগৃহৰ দুৱাৰ মুখতে গুলীয়াই হত্যা কৰে ম্যানমাৰ সেনাই। ইফালে বৃহস্পতিবাৰে পৰিয়ালৰ লোকে দাবী কৰা অনুসৰি শিশুটিৰ বয়স মাথো ৬ বছৰহে আছিল।

অন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা ৰয়টাৰ-এ প্ৰকাশ অনুসৰি মাণ্ডালয় চহৰৰ এই শিশুটিক সেনাই গুলীয়াই হত্যা কৰাৰ পিছত প্ৰাণৰ ভয়তে পিতৃ-মাতৃ তথা পৰিয়ালৰ লোকে আত্মগোপ কৰিবলৈ বাধ্য হৈছে।

“সেনাই গুলীয়াওতে তাই মোৰ ফালে বুকু কৰি মোৰ বুকুত হালি পৰিছিল। তাইক গুলীওৱাৰ পিছত মই আৰু সেনাৰ ফালে চাব পৰা নাছিলো।” শিশুটিৰ পিতৃৰ উদ্ধৃতিৰে ৰয়টাৰ-এ কয়।

গুলীবিদ্ধ শিশুটিক স্থানীয় জৰুৰী ক্লীনিকলৈ নিয়া হৈছিল যদিও সেনাবাহিনীৰ কৱলত থকাৰ বাবে চিকিৎসালয়খনত চিকিৎসক আৰু নাৰ্ছে তাইক চিকিৎসা প্ৰদান কৰিবলৈ সক্ষম হোৱা নাছিল।

ইফালে চিকিৎসকে জনোৱা অনুসৰি শিশুটি চিকিৎসকৰ ওচৰ পোৱাৰ পূৰ্বেই মৃত্যু হৈছিল। “আমি তাইৰ জীৱনটো ৰক্ষা কৰিবলৈ একোৱে কৰিব নোৱাৰিলো।” চিকিৎসকে কয়।

“তেওঁলোকে (সৈন্য) কি অপৰাধৰ বাবে তাইক হত্যা কৰিলে? আৰু আমি কি পাপ কৰিছো ?” শিশুটিৰ জ্যেষ্ঠ ভগ্নীয়ে এক গোপন তথা অজ্ঞাত স্থানৰ পৰা আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা চিএনএন-ক এইদৰে কয়।

নিৰাপত্তা স্বাৰ্থত নামপ্ৰকাশত অনিচ্ছুক শিশুটিৰ পিতৃয়েও চিএনএনৰ আগত ম্যানমাৰ সামৰিক প্ৰশাসনক প্ৰশ্ন কৰে “আমি কি কৰিম? আৰু শিশুটিয়ে কি কৰিছিল?”