NORTHEAST NOW (Assamese)
অসম

আজি কোন সমষ্টিত কোন কোন মন্ত্ৰীৰ ভাগ্য বন্দী হ’ব ইভিএমত? তিনি বজালৈ ভোটদানৰ সামগ্ৰিক হাৰ ৬০.৫৫ শতাংশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 27, 2021 4:20 pm
Exdx3KmVgAAckRO

আজি অসমৰ ৪৭টা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে ।

বিয়লি তিনি বজালৈকে কেউটা সমষ্টিত হোৱা ভোটদানৰ সামগ্ৰীক হাৰ হৈছে ৬০.৫৫ শতাংশ।

আজি মুঠ ছগৰাকী মন্ত্ৰীৰ ভাগ্য ইভিএমত বন্দী হ’ব। তেওঁলোকৰ ভিতৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো আছে।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীকে ধৰি ৬গৰাকী মন্ত্ৰীৰ ভাগ্য নিৰ্ণয় হব।সেইসকল ক্ৰমে মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,বিহালীত মন্ত্ৰী ৰঞ্জিত দত্ত।

ঢকুৱাখনাত মন্ত্ৰী নৱ দলে।মাহমৰাত মন্ত্ৰী যোগেন মহন।তিনিচুকীয়াত মন্ত্ৰী সঞ্জয় কিষাণ।কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্ত।

বোকাখাতত মন্ত্ৰী অতুল বৰাৰ ভাগ্য ইভিএমত বন্দী হয়।ৰাজ্যৰ ৪৭ টা সমষ্টিত আজি ৮১,৯,৮৫০ গৰাকী ভোটাৰে ভোটাধিকাৰ সাৱস্ত্য কৰিব।

পুৱাৰে পৰা এতিয়ালৈকে বিভিন্ন স্থানত হোৱা ভোটদানৰ হাৰ এনে ধৰণৰ—

আবেলি ১.৪৫ বজালৈকে:শোণিতপুৰ জিলাৰ ৰঙাপৰাত ভোটদান হৈছে ৫৬.৭০ শতাংশ।

আবেলি ১.৪৫: ৪৭ টা সমষ্টিতে ভোটদানৰ সামগ্ৰীক হাৰ ৪৫.২৪ শতাংশ।

দুপৰীয়া ১২.৪৫:মৰিয়নীত ১৯.৭৫ শতাংশ ভোটদান।

দুপৰীয়া ১২.৩০ বজালৈকে:তিনিচুকীয়াত ২৫ শতাংশ, ডুমডুমাত ৩০ শতাংশ ভোটদান।

দুপৰীয়া ১২.৩০:ঢেকীয়াজুলিত ৩২ শতাংশ,বৰচলাত ২৬.৭০ শতাংশ,তেজপুৰত ২৭.৭০ শতাংশ, চতিয়াত ২১৯.৭৫ শতাংশ ভোটদান।

দুপৰীয়া ১২.৩০ বজালৈ:আমগুৰীত ২৮.৩৪ শতাংশ,শিৱসাগৰত ২৯.৬৩ শতাংশ ভোটদান হৈছে।

দুপৰীয়া ১২.২৬ বজাত :শদিয়াত ২১.৬৭ শতাংশ ভোটদান হয়।

১২.২০ বজালৈ:নাজিৰাত ভোটদান হৈছে ১৯ শতাংশ।