NORTHEAST NOW (Assamese)

পেট্ৰল-ডিজেলৰ আকাশলংঘী দাম: হাজোত ম’হৰ গাড়ীত উঠি কইনা আনিবলৈ গ’ল দৰাই

October 18, 2021 5:15 pm · মৃদুল প্ৰীতম ডেকা,হাজো

হাজোৰ এখন ব্যতিক্ৰমী বিবাহ।

কইনা মৌচুমীক আনিবলৈ মহৰ গাড়ী লৈ ওলাইছে দৰা মইদুল ইছলাম। দুপৰ নিশা পুষ্প সজ্জিত এখন ম’হৰ গাড়ী এনেদৰে আগবাঢ়িছে হাজোৰ ৰাজপথেৰে।

মহৰ গাড়ীত উঠি আহিছে দৰা। পিছে পিছে বৰযাত্ৰীৰ আনন্দ হৰ্ষোল্লাস। নিশা শোৱা পাতি এৰি ৰাজপথলৈ দৰা চাবলৈ ওলাই আহিছে বহু মানুহ। কাৰণ ম’হৰ গাড়ীত বিয়া কৰাবলৈ আহিছে দৰাই।

হাজোৰ বামুনবড়ীৰ মইদুল ইছলাম নামৰ এইজন দৰাৰ ব্যতিক্ৰমী চিন্তা। দীর্ঘ দিনৰ প্ৰেমৰ পিছত হাজোৰ ৰাজাবজাৰৰ কইনা মৌচুমী বেগমৰ সৈতে যুগ্ম জীৱনৰ দিন মইদুলৰ।

পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে তথা বিলাসী গাড়ীৰ প্ৰতিযোগিতাৰ পৰা আঁতৰত এইজন দৰা।

সেয়ে দৰা মইদুলৰ ব্যতিক্ৰমী চিন্তা। বৰযাত্ৰী সহ দৰাই এনেদৰে আহিল কইনাৰ ঘৰলৈ ম’হৰ গাড়ীত উঠি।

এই ব্যতিক্ৰমী বিবাহক লৈ হাজোত এতিয়া চৰ্চাৰ অন্ত নাই। দৰা মইদুলৰ এই কাৰ্যক কইনা মৌচুমীয়েও দিছে ব্যাপক সঁহাৰি।

Related News