NORTHEAST NOW (Assamese)

জঘন্য হত্যাকাণ্ড! : সুৰা যোগান দিব নোৱাৰাৰ বাবেই বন্ধুবৰ্গই হানি খুচি হ্ত্যা কৰিলে দৰাক

December 16, 2020 5:17 pm · এন ই নাও নিউজ
Updated: December 16, 2020 5:58 pm

এক জঘন্য তথা লোমহৰ্ষক কাণ্ড সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আলিগড়ত।

এজন দৰাই নিজ বন্ধুবৰ্গক পৰ্যাপ্ত পৰিমাণৰ সুৰা যোগান ধৰিব নোৱাৰাৰ বাবেই দৰাজনক হানি খুচি হত্যা কৰিলে বন্ধুবৰ্গই।

আৰক্ষী প্ৰকাশ কৰা ঘটনাৰ বিৱৰণীৰ মতে সোমবাৰে নিশা আলীগড়ৰ পালিমুকীমপুৰ গাঁৱৰ ২৮ বছৰীয়া বাবলু নামৰ যুৱকজনে বিয়াৰ পিছত তেওঁৰ বন্ধুসকলক সাক্ষাৎ কৰিছিল।

দৰা বন্ধুজনে তেওঁৰ বন্ধুসকলক সীমিত পৰিমাণৰ সুৰাৰ যোগান ধৰিছিল। কিন্তু বন্ধুসকলে অধিক সুৰাৰ দাবী কৰিলে। তেওঁ দিবলৈ অমান্তি হোৱাত তেওঁক বন্ধুসকলে চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰে। আৰক্ষী সূত্ৰই এইদৰে প্ৰকাশ কৰিছে।

আৰক্ষীৰ মতে প্ৰখমাৱস্থাত বন্ধুসকলে দৰা বন্ধুজনৰ পৰা আৰু অধিক পৰিমাণৰ সুৰাৰ দাবী কৰি বাক বিতণ্ডাত লিপ্ত হৈছিল। কিন্তু দৰাজনে ইতিমধ্য যোগান ধৰা সুৰাই পৰ্যাপ্ত বুলি কৈ আৰু যোগান ধৰিবলৈ অমান্তি হয়।

ইয়াৰ পিছতে তেওঁলোকে চোকা অস্ত্ৰেৰে দৰা বন্ধুজনক আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰে আৰু চিকিৎসালয়ত তেওঁৰ মৃত্যু ঘটে।

হত্যাকাণ্ডটোৰ মূল অভিযুক্ত ৰামখিলাড়ীক মংগলবাৰে নিশাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা বুলি আৰক্ষী বিষয়া নৰেশ সিঙে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

“বাকী পাঁচ অভিযুক্ত এতিয়াও পলাতক। তেওঁলোকক কৰায়ত্ত কৰিবলৈ অভিযান আৰম্ভ কৰা হৈছে আৰু অতি শীঘ্ৰেই আমি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ম।” আৰক্ষী বিষয়া সিঙে কয়।

Related News