NORTHEAST NOW (Assamese)

ট্ৰাম্পৰ শুল্ক নে বিহাৰৰ ভোট! ৮ বছৰ পিছত হঠাতে কিয় সাৰ পাই উঠিল বিজেপি, কটাক্ষ বিৰধীৰ

September 4, 2025 11:08 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 4, 2025 12:03 pm

কেন্দ্ৰীয় চৰকাৰৰ সংশোধিত সামগ্ৰী আাৰু সেৱা শুল্কক আদৰণি জনাই শাসক বিজেপিক তীব্ৰ সমালোচনা কংগ্ৰেছৰ। মূল বিৰোধী দলটোৰ মতে, ৮ বছৰ পূৰ্বে জি এছ টি কাৰ্যকৰী হোৱাৰ পিছৰে পৰা বিৰোধী শিবিৰটোৱে জটিল কৰ গাঁথনিৰ বিৰোধিতা কৰি আহিছে। একে সময়তে কংগ্ৰেছৰ প্ৰশ্ন হৈছে ট্ৰাম্পৰ শুল্কৰ ভয়ৰ বাবে নে বিহাৰৰ ভোটৰ বাবে এই সিদ্ধান্ত, হঠাতে পৰিৱৰ্তন কিয়?

বুধবাৰে জি এছ টি পৰিষদৰ বৈঠকৰ পাছতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে  জিএছটিৰ বৃহৎ পৰিৱৰ্তনৰ কথা ঘোষণা কৰে। জি এছ টিৰ এই পৰিৱৰ্তন বেছিভাগ খাদ্য সামগ্ৰীৰ দাম হ্ৰাস কৰাৰ লগতে। স্বাস্থ্য বীমা আৰু জীৱন বীমাৰ জি এছ টি সম্পূৰ্ণৰূপে আঁতৰাছে। ৩৩টা জীৱন ৰক্ষাকাৰী ঔষধৰ জি এছ টিও শূন্য কৰি দিয়া হৈছে।

উল্লেখনীয় যে এই নতুন জি এছ টি সাংস্কাৰক বিৰোধী শিবিৰে আদৰণি জনাইছে যদিও সমালোচনাৰ সুযোগ নেৰিলে  বিৰোধীয়ে। প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমে কয়, “আমি জি এছ টিৰ নতুন সাংস্কাৰক আদৰণি জনাইছো। কিন্তু বহু দেৰি হৈছে। ৮ বছৰ! এতিয়া যি জি এছ টি আছে সেয়া প্ৰথমতে কাৰ্যকৰী হ’ব নালাগিছিল। আমি ৮ বছৰ ধৰি এই কৰ গাঁথনিৰ বিৰোধিতা কৰি আহিছো। কিন্তু এতিয়ালৈকে চৰকাৰ অচল হৈ বহি আছে।”

কিন্তু ইমান দিনৰ মূৰত হঠাৎ জি এছ টিৰ পৰিৱৰ্তন কিয়? ইয়াৰ উত্তৰ বিচাৰিছে চিদাম্বৰমে। প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীয়ে কয়, “চৰকাৰে কিয় এই পৰিৱৰ্তন কৰিলে সেই সম্পৰ্কে বহু আচৰিত সম্ভাৱনাৰ উন্মেষ ঘটিছে। স্বাভাৱিকতে প্ৰাক নিৰ্বাচনী সময়ত কেন্দ্ৰৰ এনে বৃ্হৎ সিদ্ধান্ত নিৰ্বাচনৰ প্ৰচাৰৰ কৌশল হিচাপে বিবেচনা কৰাৰ সম্ভাৱনীয়তাই অধিক ।

Related News