NORTHEAST NOW (Assamese)

জুবিন বিয়োগৰ শোকৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অবিবেচকী কাণ্ড!

September 20, 2025 4:09 pm · এন ই নাও নিউজ, গুৱাহাটী

অসমীয়া সাংস্কৃতিক জগতৰ ভোটাতৰা জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ বাবে প্ৰচাৰ অভিযান কিছু সময় স্থবিৰ কৰি ৰখা হৈছিল যদিও ২৫ ছেপ্টেম্বৰত নিৰ্ধাৰিত দিন অনুসৰি ২০২৫-২৬ বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ে।

উল্লেখ্য যে, ১৯ ছেপ্টেম্বৰত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ৰিটাৰ্নিং অফিচাৰে এক অধিসূচনা জাৰি কৰি সকলো প্ৰাৰ্থী আৰু সমৰ্থকক এই মৰ্মান্তিক ক্ষতিৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী প্ৰচাৰ শীঘ্ৰে বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। উপাচাৰ্যৰ নিৰ্দেশত জাৰি কৰা অধিসূচনাখনত প্ৰয়াত শিল্পীগৰাকীক সন্মান জনোৱাৰ লগতে প্ৰচাৰ পুনৰ আৰম্ভ কৰাৰ সন্দৰ্ভত পৰৱৰ্তী নিৰ্দেশনা অনুসৰণ কৰা হব বুলি উল্লেখ কৰা হৈছিল।

কিন্তু ইয়াৰ এদিন পাছত ২০ ছেপ্টেম্বৰত নিৰ্বাচনী সমিতি বৈঠকত মিলিত হয় আৰু জুবিন গাৰ্গৰ আত্মীয় আৰু অনুৰাগীসকলৰ প্ৰতি শোক প্ৰকাশ কৰাৰ সময়তে প্ৰাৰ্থীসকলক নিজৰ কাৰ্যকলাপত চলাই নিবলৈ নিৰ্দেশনা প্ৰদানেৰে নিৰ্বাচনী প্ৰচাৰ পুনৰ আৰম্ভ কৰাৰ কথা উল্লেখ কৰে। ইয়াৰোপৰি ২৪ ছেপ্টেম্বৰৰ পুৱা ৯:০০ বজালৈ নিৰ্বাচনী কেনভাছৰ সময়সীমা বৃদ্ধি কৰি ভোটদান দিৱসৰ পূৰ্বে প্ৰাৰ্থীসকলে প্ৰস্তুতি চলাব পাৰিব বুলিও উল্লেখ কৰে।

জুবিন গাৰ্গৰ বিয়োগৰ পাছতে শোকত ম্ৰিয়মান শিক্ষাৰ্থীক নিৰ্বাচনী কামকাজ আগবঢ়াবলৈ উপাচাৰ্য আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দিয়া নিৰ্দেশক লৈ ননীগোপাল মহন্ত আৰু কৰ্তৃপক্ষ তীব্ৰ সমালোচনাৰ মুখামুখি হৈছে।

Related News