NORTHEAST NOW (Assamese)

দলৰ সকলো পদৰ পৰা পদত্যাগ কৰিলে গুজৰাট কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হাৰ্দিক পেটেলে

May 18, 2022 2:56 pm · এন ই নাও নিউজ
Updated: May 18, 2022 2:57 pm

অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই গুজৰাট কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হাৰ্দিক পেটেলে বুধবাৰে দলৰ সকলো পদৰ পৰা পদত্যাগ কৰে।

পেটেলে আজি টুইটাৰত দলৰ সকলো পদ ত্যাগ কৰাৰ কথা প্ৰকাশ কৰিছে।

“আজি মই সকলো পদৰ পৰা পদত্যাগ কৰিবলৈ সাহস গোটাইছো । মই কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যপদ ত্যাগ কৰিছো। মই নিশ্চিত যে মোৰ সিদ্ধান্তক মোৰ সকলো সহকৰ্মী আৰু গুজৰাটৰ ৰাইজে আদৰণি জনাব। মই বিশ্বাস কৰোঁ যে এই পদক্ষেপৰ পিছত মই ভৱিষ্যতে গুজৰাটৰ বাবে সঁচাকৈয়ে কাম কৰিবলৈ সক্ষম হ’ম,”।

হাৰ্দিক পেটেলৰ পদত্যাগ গুজৰাট বিধানসভা নিৰ্বাচনৰ মাত্ৰ কেইমাহমান আগতে কংগ্ৰেছৰ বাবে এটা ডাঙৰ আঘাত হিচাপে পৰিগণিত হৈছে।

গুজৰাটৰ পাটিদাৰ আন্দোলন আন্দোলনৰ নেতৃত্ব বহন কৰি দেশৰ ৰাজনৈতিক ক্ষেত্ৰ খনত পৰিচিত হৈ পৰা হাৰ্দিক পেটেলে কংগ্ৰেছ ত্যাগ কৰিব বুলি পূৰ্বে ইংগিত দিছিল ।

উল্লেখ্য পেটেলে এপ্ৰিল মাহত আহমেদাবাদ ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰিছিল।
২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ কংগ্ৰেছত যোগদান কৰিছিল।

ইপিনে হাৰ্দিক পেটেলে কংগ্ৰেছ ত্যাগ কৰাৰ পিছতে বহুতৰে মাজত এইবুলি চৰ্চা চলিছে যে তেওঁ হয়তো বিজেপিত যোগদান কৰিব ।

শেহতীয়াকৈ সংঘ পৰিয়ালৰ সুৰতে সুৰ মিলাই হিন্দুত্ববাদী বক্তব্য আগবঢ়াবলৈ লোৱা গুজৰাট কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হাৰ্দিক পেটেলে বিজেপিত যোগদান কৰিব বহুদিনৰে পৰা চৰ্চা চলি আছে।

এপ্ৰিল মাহত এনে চৰ্চা চলি থকাৰ মাজতে হাৰ্দিক পেটেলে কৈছিল যে তেওঁ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ খবৰ সঁচা নহয়।তেওঁ লগতে কয় যে শেহতীয়াকৈ গেৰুৱা দলটোৱে গ্ৰহণ কৰা কেতবোৰ ৰাজনৈতিক সিদ্ধান্তক তেওঁ আদৰণিহে জনাইছিল। বিজেপিত যোগদান কৰাৰ কোনো পৰিকল্পনা নাই বুলিও পেটেলে সেই সময়ত জনাইছিল।

পেটেলে লগতে কৈছিল যে হিন্দুত্বৰ প্ৰতি তেওঁৰ আনুগত্য আছে।হাজাৰ হাজাৰ বছৰ ধৰি হিন্দুত্বৰ সৈতে জড়িত হৈ আছোঁ বুলিও পেটেলে উল্লেখ কৰিছিল। বিজেপিত যোগাদানৰ প্ৰসংগত পেটেলে কৈছিল “মই বিজেপিৰ সৈতে কথা পতা নাই। মই বিজেপিৰ ভাল কথাবোৰ গ্ৰহণ কৰো। বিজেপিয়ে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ বাতিল কৰিছে, আৰু এতিয়া ৰাম মন্দিৰ নিৰ্মাণৰ দৰে ভাল কামক আমি প্ৰশংসা কৰা উচিত”। এতিয়া তেওঁ কোন দলত যোগদান কৰে সেয়া সময়তহে জানিব পৰা যাব।

Related News