NORTHEAST NOW (Assamese)
Popular Stories

নিশা কাৰ্ফিউ ভাঙি মহিলা আৰক্ষীৰে কাজিয়া, গ্ৰেপ্তাৰ স্বাস্থ্য মন্ত্ৰীৰ পুত্ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 13, 2020 12:58 pm
2020_7image_23_00_285396631gujarat-ll

ক্ষমতাৰ ৰাগীত মতলীয়া হৈ কোনে কেতিয়া কি কৰে তাৰ  কোনো ঠিকনা নাই।  দেশৰ বিভিন্ন ৰাজ্যত এতিয়া একাংশ মন্ত্ৰী-বিধায়কৰ অঙহী-বঙহীৰ উৎপাতত বহুতে ত্ৰাহি মধুসূদন সুঁৱৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

এই সকল মন্ত্ৰী-বিধায়কৰ অঙহী-বঙহীয়ে দেশৰ আইন-কানুনক অৱজ্ঞা কৰি অৰাজক পৰিস্থিতিৰো সৃষ্টি কৰা দেখা গৈছে।

শেহতীয়াকৈ গুজৰাটত এগৰাকী মন্ত্ৰীৰ পুত্ৰই নিশা কাৰ্ফিউ ভংগ কৰি  ৰাজপথেৰে গাড়ী চলাই আৰক্ষীৰ ৰোষত পৰিবলগীয়া হোৱাৰ কথাই বেছ চৰ্চা লাভ কৰা দেখা গৈছে।

গুজৰাটৰ স্বাস্থ্য মন্ত্ৰী কুমাৰ কানানীৰ পুত্ৰ প্ৰকাশ কানানীয়ে চুৰাটৰ ৰাজপথেৰে নিশা  প্ৰায় ১০-৩০ বজাত তীব্ৰ বেগেৰে গাড়ী চলাই গৈ আছিল।

সেই সময়ত কৰ্তব্যৰত মহিলা আৰক্ষী  কনিষ্টবল সুনীতা যাদৱে মন্ত্ৰী পুত্ৰৰ গাড়ী খন ৰখায় আৰু কাৰ্ফিউ কিয় ভাঙিছে বুলি প্ৰশ্ন কৰে ।

মন্ত্ৰী কুমাৰ কানানীৰ পুত্ৰ প্ৰকাশ কানানীয়ে মহিলা আৰক্ষী  কনিষ্টবল সুনীতাৰ সৈতে তৰ্কত লিপ্ত হয় আৰু সুনীতাক ইচ্ছা কৰিলে  ৩৫৬ দিন বাটত থিয় কৰাই ৰাখিব পাৰে বুলি ভাবুকি দিয়ে।

ইয়াৰ পিছত মন্ত্ৰী পুত্ৰই ভাৰছা থানাত ফোন কৰাত তেওঁক এৰি দিবলৈ কোৱা হয়।

এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে গুজৰাট আৰক্ষীয়ে মন্ত্ৰী পুত্ৰৰ লগতে তেওঁৰ চাৰি সহযোগীক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হয়।