NORTHEAST NOW (Assamese)
Popular Stories

স্নেহ বন্ধন! ভাতৃক বৃক্ক দান কৰি নতুন জীৱন দিলে ভনীয়েকে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 9, 2025 6:37 pm

গুজৰাটৰ এগৰাকী জ্যেষ্ঠ ভগ্নীয়ে নিজৰ বৃক্ক দান কৰি ভাতৃক দিন নতুন। এই ঘটনাই ভাই-ভনীৰ মাজৰ স্নেহ বন্ধনৰ অপূৰ্ব নিদৰ্শনে মানুহৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।

প্ৰকাশিত তথ্য অনুসৰি গুজৰাটৰ গান্ধীনগৰৰ বাসিন্দা ৬০ বছৰীয়া কিৰণভাই পেটেলৰ বৃক্ক দুটা বিকল হৈ পৰাত তেওঁৰ জীৱন সংকটত পৰিছিল। দুবছৰ পূৰ্বে চিকিৎসকে এই সংবাদ দিয়াত তেওঁৰ পৃথিৱীখন ওলোটা হৈ পৰিছিল। ভাৰুচৰ এটা সাৰ কোম্পানীত কৰ্মৰত কিৰণভাই হঠাতে ডায়েলাইছিছৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছিল আৰু এজন দাতাৰ অপেক্ষাত আছিল। অষ্ট্ৰেলিয়াত থকা তেওঁৰ পুত্ৰ আৰু কন্যা দুয়োজনেই গভীৰ চিন্তাত পৰিছিল, আৰু তেওঁৰ পত্নীয়ে প্ৰাৰ্থনাৰ আশ্ৰয় লৈছিল। পৰিয়ালটোৱে এই সংকটৰ মাজত আগলৈ কি হ’ব সেই চিন্তাত সংগ্ৰাম কৰিবলগীয়া হৈছিল।

এই সংকটৰ মাজতে আশাৰ বিৰিঙাই কিৰণভাইৰ চাৰিগৰাকী জ্যেষ্ঠ ভগ্নীয়ে। তেওঁলোকে  স্বেচ্ছাই নিজৰ বৃক্ক দান কৰিবলৈ আগবঢ়ি আহিছিল। কানাডাৰ পৰা অহা জ্যেষ্ঠ ভগ্নীক বয়স আৰু উচ্চ ৰক্তচাপৰ বাবে  বৃক্ক দানৰ বাবে অযোগ্য ঘোষণা কৰিছিল। তৃতীয় গৰাকী ভগ্নীও অযোজ্ঞ ঘোষণা হয় কাৰণ তেওঁৰ জন্মগতভাবে মাত্ৰ এটা বৃক্ক আছে। সৰুজনী ভগ্নী ভৰিৰ অৱস্থাৰ বাবে আংশিকভাৱে অক্ষম হোৱাত অযোগ্য বুলি ধৰা হৈছিল।

অৱশেষত দ্বিতীয় জ্যেষ্ঠ ভগ্নী ৫৮ বছৰীয়া সুশিলাবেনক নিখুঁত মিল বুলি ঘোষণা কৰে। কোনো সংকোচ নকৰাকৈ তেওঁ অস্ত্ৰোপচাৰটো আগুৱাই নিবলৈ মান্তি হয়।

উল্লেখ্য যে আহমেদাবাদৰ চৰকাৰী বৃক্ক চিকিৎসালয় (IKDRC)ত এই প্ৰতিস্থাপন সফলতাৰে সম্পন্ন হৈছে। ডেৰ বছৰৰ পাছত কিৰণভাই এতিয়া সুস্থ আৰু সক্ৰিয় জীৱন যাপন কৰি আছে। বিগত তিনি বছৰত IKDRCত প্ৰায় ২০ গৰাকী ভগ্নীয়ে নিজৰ ভাতৃক বৃক্ক দান কৰা দেখা গৈছে, আৰু তিনিগৰাকী ভাতৃয়ে নিজৰ ভগ্নীক দান কৰিছে।