NORTHEAST NOW (Assamese)
অসম

উন্মাদৰ কাণ্ড! আমেৰিকাত পুনৰ বন্দুকধাৰীৰ আক্ৰমণত শিশুসহ একেটা পৰিয়ালৰ ৫জন নিহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 30, 2023 10:35 am

আমেৰিকাত পুনৰ বন্দুকধাৰীৰ আক্ৰমণৰ ঘটনা। চুবুৰীয়াৰ ঘৰত প্ৰৱেশ কৰি পাঁচজন লোকক গুলীয়াই হত্যা কৰে এজন লোকে। ইয়াৰ ভিতৰত আছে এটি ৮ বছৰীয়া শিশু। এই ঘটনাই অঞ্চলটোত উত্তেজনা বিয়পাইছে। অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে।

ঘটনাটো কেনেকৈ ঘটিল? হিউষ্টনৰ ওচৰৰ এটা ঘৰত বাস কৰিছিল লোকজন। ঘৰৰ সন্মুখত থিয় হৈ তেওঁ অবিৰতভাৱে বন্দুকেৰে গুলীবৰ্ষণ কৰিছিল। তাকে লৈ চুবুৰীয়াই আপত্তি তুলিলে। ইয়াৰ পিছতে খঙত তেওঁ সেই ঘৰটোত সোমাই যায়। তাৰ পিছত নিৰ্বিচাৰে গুলীয়াই পাঁচজন লোকক হত্যা কৰে।

লগতে পঢ়ক: ৰাস্তাৰ কুকুৰৰ দলে কামুৰি ছিৰাছিৰ কৰি পেলালে মহিলাৰ শৰীৰ; ৰাতিপুৱাই কুকুৰৰ আক্ৰমণত মৃত্যু!

আৰক্ষীয়ে এতিয়াও অভিযুক্ত ৩৮ বছৰীয়া ফ্ৰান্সিস্কো অৰোপেজাক বিচাৰি আছে। স্নিফাৰ ডগ আৰু ড্ৰ’নৰ সহায়ত এই তালাচী অভিযান চলোৱা হৈছে।

আমেৰিকাৰ মাটিত এইটো বন্দুকধাৰীৰ আক্ৰমণৰ শেহতীয়া ঘটনা। সোমবাৰে নেশ্বভিলৰ এখন প্ৰাথমিক বিদ্যালয়ত বন্দুকধাৰীয়ে হত্যা কৰিছিল তিনিটা শিশুসহ ৬ জন লোকক। দীৰ্ঘদিন পৰিকল্পনা কৰি বিদ্যালয়খনৰ মানচিত্ৰ আঁকি লৈ বন্দুকধাৰীয়ে আক্ৰমণ সংঘটিত কৰিছিল।

আমেৰিকাত বন্দুকধাৰীৰ আক্ৰমণৰ সংখ্যা দিনে দিনে যথেষ্ট বৃদ্ধি পাইছে। স্কুলৰ পৰা ধৰ্মীয় স্থানলৈকে একো বাদ দিয়া হোৱা নাই। বন্দুক সম্পৰ্কীয় আইন গৃহীত হ’লেও আক্ৰমণৰ ঘটনা বন্ধ হোৱা নাই।

লগতে পঢ়ক: চন্দ্ৰৰ মাটিত পোৱা গৈছে অক্সিজেন; সম্ভৱ হ’ব মানুহৰ বসতি? নাছাৰ পৰীক্ষাত নতুন আশা

এই সম্পৰ্কত মুখ মেলিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। তেওঁ কয়, “এইটো মানি ল’ব নোৱাৰি। সমগ্ৰ বিষয়টোৰ ওপৰত মই তীক্ষ্ণ দৃষ্টি ৰাখিছো। এই ঘটনাত আমেৰিকাৰ হৃদয় সম্পূৰ্ণৰূপে ভাঙি গৈছে। কংগ্ৰেছলৈ মোৰ আবেদন যে তেওঁলোকে অস্ত্ৰ ৰখাত নিষেধাজ্ঞা আৰোপ কৰক।”

তাৰপিছতো হিউষ্টনৰ কাণ্ডই স্পষ্ট কৰি দিলে যে আমেৰিকাত বন্দুকধাৰীৰ আক্ৰমণ ঘটনা এতিয়াও কমি যোৱা নাই।