NORTHEAST NOW (Assamese)
অসম

Russia school shooting: ভয়ংকৰ ঘটনা! ৰাছিয়াৰ বিদ্যালয়ত অচিনাক্ত দুৰ্বৃত্তৰ গুলীচালনাত শিক্ষক, ছাত্ৰসহ ১৩ জন নিহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 26, 2022 4:31 pm

Russia school shooting killed13 ৰাছিয়াৰ এখন বিদ্যালয়ত অচিনাক্ত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনাত কমেও ১৩ জন নিহত হৈছে। সোমবাৰে মধ্য ৰাছিয়াত সংঘটিত ঘটনাটোত কমেও ২০ জন আহত হয়। মৃতসকলৰ ভিতৰত কেইটিমান শিশুও আছে বুলি জানিব পৰা গৈছে।

ৰাছিয়াৰ তদন্ত সমিতিয়ে এক বিবৃতিত কয় যে মস্কোৰ পৰা ৯৬০ কিলোমিটাৰ দূৰৰ উদমূৰ্তিয়া অঞ্চলৰ ইজভেস্কৰ বিদ্যালয়ত নিৰ্বিচাৰ গুলীচালনাৰ ঘটনা সংঘটিত হয়। মৃতসকলৰ ভিতৰত দুজন শিক্ষক, পাঁচজন শিক্ষাৰ্থী আৰু দুজন সুৰক্ষা কৰ্মী আছে।

লগতে পঢ়ক: অকল টকাৰেই নহয়, ডলাৰৰ বিপৰীতে ব্ৰিটিছ পাউণ্ডৰো ৰেকৰ্ড পতন

ৰাছিয়াৰ গৃহ মন্ত্ৰালয়ে এক বিবৃতিত গুলীচালনাৰ কথা নিশ্চিত কৰিছে। আঞ্চলিক গভৰ্ণৰ আলেকজেণ্ডাৰ ব্ৰেচলভে কয় যে হতাহতসকলৰ ভিতৰত শিশুও আছে। ইজভেস্কৰ বিদ্যালয়ে ৬ ৰ পৰা ১৭ বছৰ বয়সৰ শিক্ষাৰ্থীসকলক পঢ়ুৱায়।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদ্যালয়সমূহত এনে ঘটনা সঘনাই সংঘটিত হয় যদিও ৰাছিয়াৰ বিদ্যালয়সমূহত গুলীচালনাৰ ঘটনা খুব কম। শেহতীয়া এই ঘটনাত কৰ্তৃপক্ষই আক্ৰমণকাৰীৰ পৰিচয় বা আক্ৰমণৰ কাৰণ জনাব পৰা নাই।

শেহতীয়া খৱৰ অনুসৰি ঘটনাৰ পিছত বন্দুকধাৰীজনে নিজকে গুলীয়াই নিহত কৰে।