NORTHEAST NOW (Assamese)

ইথিওপিয়াত নৰসংহাৰ : শুৱাপাটিতে ১০০ৰো অধিক লোকক গুলীয়াই হত্যা

December 24, 2020 12:29 pm · এন ই নাও নিউজ

আফ্ৰিকাৰ ইথিওপিয়াত এটা অত্যন্ত লোকহৰ্ষক ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে।

বুধবাৰে অচিনাক্ত বন্দুকধাৰীৰ এটা দলৰ নিৰ্বিচাৰ গুলীচালনাত ১০০ৰো অধিক নিৰীহ লোকে প্ৰাণ হেৰুৱায়।

এই নৰসংহাৰৰ ঘটনাটো দেশখনৰ মেটেকেল জ’নৰ বুলে কাউণ্টিৰ বেকোজী গাঁৱত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

ইথিওপিয়ান মানৱ অধিকাৰ আয়োগৰ মতে, নৃশংস আক্ৰমণৰ ঘটনা চলা অঞ্চলটোত বিভিন্ন জাতিৰ লোকে বাস কৰে।

জানিব পৰা অনুসৰি, পশ্চিম বেনিশাংগুল-গুমুজ অঞ্চলৰ লোকসকলৰ ওপৰত বুধবাৰে অচিনাক্ত বন্দুকধাৰী দলে জধে মধে গুলী চলোৱা আৰম্ভ কৰে।

বহু লোকে এই আক্ৰমণৰ পৰা ৰক্ষা পেলোৱাৰ উদ্দেশ্যে গাঁৱৰ পৰা পলায় যায়।

এই অঞ্চলটোত বিভিন্ন সময়ত জাতিগত হিংসাৰ ঘটনা ঘটি আহিছে আৰু ইয়াৰ ফলত বহু লোকৰ মৃত্যুও হৈছে।

আফ্ৰিকাৰ দ্বিতীয় বৃহৎ জনবহুল দেশত যোৱা দুবছৰৰ পৰা জাতিগত হিংসাৰ ঘটনা উদ্ৰেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে।

২০১৮ চনত আবি আহমেদ প্ৰধান মন্ত্ৰী হোৱাৰ পিছত ইয়াৰ পৰিস্থিতি অধিক অৱনতি ঘটা আৰম্ভ হয়।

এই অঞ্চলত পূৰ্বৰে পৰা জাতিসমূহৰ মাজত শত্ৰুতা আছে আৰু এতিয়া এই হিংসাক চৰকাৰে নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।

উল্লেখ্য যে অহা বছৰ এইখন দেশত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু সেয়ে দিনক দিনে হিংসাত্মক কাৰ্যকলাপ আৰু অধিক গতিত বৃদ্ধি পাব বুলি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

Related News