NORTHEAST NOW (Assamese)

ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনা!অভিনেতাজনৰ আবাসৰ প্ৰথম মহলাত লাগিল গুলী

April 14, 2024 10:55 am ·

প্ৰাণৰ শংকাত ভুগিছে নেকি ছল্লু ভাই?আজি পুৱা বলীউড অভিনেতা ছলমান খানৰ মুম্বাই বাসগৃহৰ বাহিৰত গুলীৰ শব্দ শুনা যায় বুলি আৰক্ষীয়ে জানিবলৈ দিছে। আজি পুৱা ৫ বজাত মটৰ চাইকেলত অহা দুজন অচিনাক্ত লোকে অভিনেতাজনৰ বাসগৃহৰ বাহিৰত গুলীচালনা কৰি দ্ৰুতগতিত সেই স্থানৰ পৰা আঁতৰি যায়।

ছলমান খান বাস কৰা অট্টালিকাটোৰ প্ৰথম মহলাতো গুলী লাগিছিল বুলি আৰক্ষীয়ে জনায় আৰু গুলীচালনাত বিদেশী পিষ্টল ব্যৱহাৰ কৰা হৈছে বুলি জানিবলৈ দিয়ে। মুম্বাই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি গুলীচালনা কৰা ব্যক্তিসকলক বিচাৰি উলিয়াবলৈ চেষ্টা চলাইছে।

যোৱা বছৰ ৰাষ্ট্ৰীয় তদন্ত সংস্থাই (এন আই এ) কয় যে জেলত থকা গেংষ্টাৰ লৰেন্স বিষ্ণোইয়ে হত্যা কৰাৰ পৰিকল্পনা কৰা ১০টা মূল লক্ষ্যৰ তালিকাত ছলমান খানে শীৰ্ষস্থান দখল কৰিছিল৷ যোৱা বছৰৰ ১১ এপ্ৰিলত আন এক ভাবুকি জনোৱাৰ পা‘ছত মুম্বাই আৰক্ষীয়ে খানৰ নিৰাপত্তাৰ মৰ্যাদা ৱাই+লৈ বৃদ্ধি কৰে।সেই সময়ত এজন প্ৰবাসী ভাৰতীয় ছাত্ৰই খানলৈ ভাবুকিপূৰ্ণ ইমেইল প্ৰেৰণ কৰাৰ অভিযোগত লুকাউট চাৰ্কুলাৰ (এল অ’ চি) জাৰি কৰা হয়।

Related News