NORTHEAST NOW (Assamese)

গুৱাহাটীৰ বিস্ফোৰণ: আৰক্ষীৰ জিম্মাত এজন, জীয়েকৰ বিয়াতে গ্ৰেপ্তাৰ কৰা লোকজন গুৰুতৰভাৱে ‘অসুস্থ’

October 16, 2018 7:06 pm · এন ই নাও নিউজ
Updated: October 16, 2018 7:34 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

গুৱাহাটীৰ পাণবজাৰত যোৱা শনিবাৰে সংঘটিত বিস্ফোৰণ সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে পৰেশ দাস নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি যোৱা ১৪ অক্টোবৰতে হাজোৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা বৃক্ক আৰু হৃদৰোগী দাস গুৰুতৰভাৱে অসুস্থ হৈ পৰাৰ বাবে বৰ্তমান তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউ-ত ভৰ্তি কৰোৱা হৈছে।

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ১৪ অক্তোবৰতে লোকজনক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও কথাটো গোপনে ৰাখিছিল মহানগৰ আৰক্ষীয়ে।

আদালতে এদিনৰ বাবে জিম্মাত দিয়া লোকজন আৰক্ষীৰ জিম্মাতে অসুস্থ হ’ল নেকি, তেওঁক কোনে চিকিৎসালয়ত ভৰ্তি কৰিলে—এতিয়ালৈকে জানিব পৰা হোৱা নাই।

সবিশেষ জানিবৰ বাবে নৰ্থ ইষ্ট নাও-এ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত প্ৰদীপ শালৈৰ সৈতে ফ’নযোগে যোগাযোগৰ চেষ্টা কৰিছিল যদিও তেওঁক বৰ্তমানলৈকে পোৱা নাই। আনহাতে আইন-শৃংখলা শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান মুকেশ আগৰৱালাই নৰ্থ ইষ্ট নাও-ক জনাই যে এই সম্পৰ্কে তেওঁ নাজানে, আৰক্ষী আয়ুক্তইহে জানিব।

পূৰ্বে আলফাৰ লগত সম্পৰ্ক থকাৰ সন্দেহত বোলে জীয়েকৰ বিয়াৰ দিনাই আৰক্ষীয়ে দাসক গ্ৰেপ্তাৰ কৰিছিল।

গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত বোলে গাড়ীচালকৰূপে কৰ্মৰত আছিল লোকজন।

Related News