NORTHEAST NOW (Assamese)

ছাৰ্জিল ইমামক জেললৈ প্ৰেৰণ, গুৱাহাটীৰ আদালত চৌহদত উত্তাল প্ৰতিবাদ

February 28, 2020 7:39 pm · অনিৰ্বাণ পাঠক

শুকুৰবাৰে কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ল ৰাষ্ট্ৰদ্ৰোহত অভিযুক্ত ছাৰ্জিল ইমামক।

আঠদিনৰ আৰক্ষীৰ জিম্মাৰ পিছত আদালতে ছাৰ্জিলক কাৰাগাৰলৈ প্ৰেৰণ কৰে।

ছাৰ্জিলক আদালতত হাজিৰ কৰোৱা মুহূৰ্তত সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ। একাংশই আদালত চৌহদতে সাব্যস্ত কৰিলে প্ৰতিবাদ।

‘দেশ কি গদ্দাৰো কো গোলি মাৰো’ আদি শ্লগানো দিয়া শুনা গ’ল প্ৰতিবাদকাৰীৰ মুখত।

উল্লেখ্য যে, দিল্লীৰ শ্বাহীনবাগত দেশদ্ৰোহী মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছে ছাৰ্জিলৰ বিৰুদ্ধে। অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰি দিয়াৰ ভাবুকি দিছিল ছাৰ্জিলে।

এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। পাছত দিল্লী আৰক্ষীয়ে বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল চাৰ্জিলক।

যোৱা ২০ ফেব্ৰুৱাৰীত অসম আৰক্ষীৰ অপৰাধ শাখাই নিজৰ জিম্মাত লৈ অসমলৈ আনিছিল চাৰ্জিলক।

চাৰি দিনকৈ দুবাৰ নিজৰ জিম্মাত লৈছিল আৰক্ষীৰ অপৰাধ শাখাই।

Related News