NORTHEAST NOW (Assamese)

অসম চৰকাৰৰ সৈতে আলোচনা, ৭০টা সংগঠনক দিচপুৰত আশ্বাস আৰক্ষী আয়ুক্তৰ

November 16, 2018 8:11 pm · মুকুট দাস
নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ৭০টা সংগঠনৰ বৃ্হৎ প্ৰতিবাদী সমদল। ছবি- ইউ বি।

আৰক্ষীৰ যুদ্ধসদৃশ নিৰাপত্তা বেহুৰ মাজত নাগৰিকত্ব বিধেয়্ক বাতিলৰ দাবীত শুকুৰবাৰে দিচপুৰত প্ৰতিবাদ কৰা ৭০টা সংগঠনক চৰকাৰৰ সৈতে আলোচনাৰ বাবে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে গুৱাহাটীৰ আৰক্ষী আয়ুক্তই।

অসম চৰকাৰৰ সৈতে এই সন্দৰ্ভত কথা পাতি অহা ৭ দিনৰ ভিতৰত সংগঠনসমূহক জনোৱা হ’ব বুলি প্ৰতিবাদস্থলীত আশ্বাস দিয়ে আৰক্ষী আয়ুক্ত প্ৰদীপ শালৈয়ে।

“চৰকাৰৰ সৈতে বিষয়টো সন্দৰ্ভত আলোচনা অনুষ্ঠিত কৰাৰ বাবে মই উদ্যোগ ল’ম আৰু অহা ৭ দিনৰ ভিতৰত আপোনালোকক জনাম,” দিচপুৰৰ প্ৰতিবাদকাৰীক এই প্ৰতিশ্ৰুতি শালৈৰ।

আৰক্ষী আয়ুক্তগৰাকীৰ আশ্বাসক গ্ৰহণ কৰিছে যদিও এই প্ৰতিশ্ৰুতিত সম্পূৰ্ণ আশ্বস্ত হোৱা নাই প্ৰতিবাদী সংগঠনসমূহ। “আৰক্ষী আয়ুক্তই ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে যদিও চৰকাৰী বিষয়াসকলৰ ওপৰত বিশ্বাস নাই,” সাংবাদিকক জনালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে। দিচপুৰৰ আন্দোলনক লৈ অসম আৰক্ষীৰ ভূমিকাক বৃহস্পতিবাৰেও কঠোৰ সমালোচনা কৰিছিল গগৈয়ে।

আনহাতে নতুন দিল্লীত এই মাহৰ শেষৰ ফালে আটাইকেইটা সংগঠনৰ প্ৰতিনিধিত্বৰে আমৰণ অনশনত বহাৰ কথাও প্ৰতিবাদস্থলীতে ঘোষণা কৰে কৃষক মুক্তিৰ নেতাজনে।

তেওঁ লগতে কয় যে অহা ১৭ৰ পৰা ২৭ নৱেম্বৰলৈকে বিধেয়কৰ বিৰুদ্ধে অসমৰ সকলো জিলা সদৰতে ‘গণ সত্যাগ্ৰহ’ কাৰ্য্যসূচী লোৱা হ’ব।

Related News