NORTHEAST NOW (Assamese)

গোমাংস বিক্ৰীৰ ভুৱা খবৰেৰে মাছখোৱাত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অপচেষ্টা, ক্ষোভিত ৰাইজ

April 8, 2026 3:09 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 11:28 am
Representative image

গুৱাহাটীৰ মাছখোৱা অঞ্চলত এগৰাকী মহিলাই কৰা এক সাম্প্ৰদায়িক তথা বিভ্ৰান্তিমূলক মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বুধবাৰে মাছখোৱা নাগৰিক সমাজকে ধৰি অঞ্চলটোৰ কেইবাটাও আগশাৰীৰ দল-সংগঠনে এখন যুটীয়া প্ৰেছ বিবৃতিযোগে নাজনীন ৰচুল নামৰ মহিলাগৰাকীয়ে শেহতীয়াকৈ এটা সংবাদ মাধ্যমত আগবঢ়োৱা সাম্প্ৰদায়িক মন্তব্যৰ কঠোৰ ভাষাৰে গৰিহণা দিয়ে। উল্লেখযোগ্য যে মহিলাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মাছখোৱাত মুকলিকৈ গোমাংস বিক্ৰী হৈ থকা বুলি এক ভিত্তিহীন অভিযোগ উত্থাপন কৰাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰাৰ্থী কুংকি চৌধুৰী আৰু ‘তিনি গগৈ’ৰ নাম সাঙুৰি এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰিবলৈ অপচেষ্টা চলাইছিল। অঞ্চলটোৰ ৰাইজে স্পষ্ট কৰি দিয়ে যে মাছখোৱাত পূৰ্বে কেতিয়াও গোমাংসৰ দোকান নাছিল আৰু বৰ্তমানো নাই, ইয়াত কেৱল দুখন মুৰ্গী মাংসৰ দোকানহে আছে। মহিলাগৰাকীয়ে নিজৰ মনেসজা বক্তব্যত আগন্তুক পবিত্ৰ ঈদৰ প্ৰসংগ অপ্ৰাসংগিকভাৱে টানি আনি নিৰ্বাচনী বতাহৰ মাজত সমাজত বিভেদ সৃষ্টি কৰিবলৈ চেষ্টা কৰা বুলি ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

মহিলাগৰাকীৰ এই কাৰ্যৰ সৈতে চলিত নিৰ্বাচনৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ সম্পৰ্ক থকা বুলি যি ধাৰণা সৃষ্টি কৰিবলৈ বিচৰা হৈছিল, সেয়াও স্থানীয় ৰাইজে সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে। মাছখোৱাবাসীয়ে জানিবলৈ দিয়া মতে, মাছখোৱা চাৰিআলীৰ ৰাজা মেনচনত থকা কাৰ্যালয়টোহে কুংকি চৌধুৰীৰ একমাত্ৰ অনুমোদনপ্ৰাপ্ত নিৰ্বাচনী কাৰ্যালয়। নাজনীন ৰচুলে নিজৰ বাসগৃহৰ চৌহদত ব্যক্তিগতভাৱে এটা কাৰ্যালয় খুলিছিল আৰু তাৰ পৰাই এনে দায়িত্বহীন মন্তব্য কৰিছিল। এই ব্যক্তিগত কাৰ্যালয়টোৰ সৈতে কুংকি চৌধুৰীৰ কেন্দ্ৰীয় বা ফটাশিলস্থিত স্থানীয় নিৰ্বাচনী কাৰ্যালয়ৰ কোনো ধৰণৰ সম্পৰ্ক নাই। আনকি অসম জাতীয় পৰিষদ বা বিৰোধী ঐক্য মঞ্চৰ কোনো দল এই কাৰ্যৰ সৈতে কোনোমতেই জড়িত নহয় বুলি ৰাইজে স্পষ্ট কৰি দিয়ে।

যি সময়ত নৱপ্ৰজন্মৰ প্ৰতিনিধি কুংকি চৌধুৰীয়ে সকলো সংকীৰ্ণতাৰ ঊৰ্ধ্বত গৈ ৰাজনীতিত ঐক্য আৰু সমন্বয়ৰ এক নতুন বাৰ্তা বিয়পাই দিছে, তেনে সময়ত এনে এগৰাকী অবিবেচক মহিলাৰ কাণ্ডজ্ঞানহীন মন্তব্যই সমগ্ৰ অঞ্চলটোৰ সামাজিক তথা নিৰ্বাচনী পৰিৱেশ কলুষিত কৰিছে। এই অনাকাংক্ষিত ঘটনাত মাছখোৱাবাসীয়ে মনত তীব্ৰ আঘাত পোৱাৰ লগতে গুৱাহাটী তথা সমগ্ৰ অসমবাসীৰ ওচৰত লজ্জিত অনুভৱ কৰি দুখ প্ৰকাশ কৰিছে বুলি বিবৃতিত উল্লেখ কৰে। ভৱিষ্যতে এনে বিভ্ৰান্তিমূলক কাৰ্যৰ পৰা বিৰত থাকিবলৈ তেওঁলোকে নাজনীন ৰচুলক কঠোৰ সকীয়নি প্ৰদান কৰিছে। ইফালে, মঙলবাৰে মাছখোৱাৰ পৰা আৰম্ভ হোৱা কুংকি চৌধুৰীৰ অন্তিম নিৰ্বাচনী ৰেলীত এই বিতৰ্কিত মহিলাগৰাকীয়ে অংশগ্ৰহণ কৰিবলৈ চেষ্টা কৰিছিল যদিও ক্ষোভিত ৰাইজে তেওঁক বাধা দি তাৰ পৰা উভতাই পঠিয়ায়।

Related News