মহানগৰত ফিক্সড্ পাৰ্কিং ফীজ : ঘণ্টাই প্ৰতি কিমান টকাকৈ ভৰিব লাগিব বাহনৰ গৰাকীয়ে ?
এতিয়াৰ পৰা বাহনৰ গৰাকীয়ে পাৰ্কিঙৰ ক্ষেত্ৰত অসাধু এজেন্টৰ লগত বাক বিতণ্ডা কৰাৰ পৰা ৰেহাই পাব।
গুৱাহাটী পৌৰ নিগমে নিৰ্ধান কৰিছে নিৰ্দিষ্ট পাৰ্কিং ফীজ।
উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ পাৰ্কিঙৰ ক্ষেত্ৰত প্ৰায়ে বাহনৰ গৰাকী আৰু অসাধু এজেন্টৰ মাজত পাৰ্কিং ফীজকলৈ বাক বিতণ্ডাৰ সৃষ্টি হৈ আ্হিছে।
যাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে মহানগৰবাসী।
কিন্তু এতিয়া জি এম চি-এ পাৰ্কিং ফীজ নিৰ্দিষ্টকৈ নিৰ্ধাৰণ কৰাৰ মন গ’লেই পাৰ্কিং ফীজ বৃদ্ধি কৰিব নোৱাৰিব এজেন্টসমূহে। ফলত বাহনৰ গৰাকীয়ে এক অনাহূত পৰিস্থিতিৰ পৰা ৰেহাই পাব বুলি ধাৰণা কৰা হৈছে।
দুচকীয়া বাহন, গাড়ী আৰু ট্ৰাকৰ বাবে পাৰ্কিং ফিজ নিৰ্দিষ্টকৈ নিৰ্ধাৰণ কৰা হৈছে। জি এম চি-এ আনকি অসাধু এজেণ্টৰ পৰা গৰাকীসকলক আঁতৰি থাকিবলৈও আহ্বান জনাইছে ৰাইজক।
বাহনৰ গৰাকীয়ে কিমানকৈ ভৰিব লাগিব লাগিব পাৰ্কিং ফীজ
- দুঘণ্টাৰ বাবে দুচকীয়া বাহন পাৰ্ক কৰিলে ৫ টকা। দুঘণ্টা পাৰ হোৱাৰ পিছত প্ৰতি ঘণ্টাত ভৰিব লাগিব পাঁচ টকাকৈ।
- প্ৰথম দুই ঘণ্টাত চাৰিচকীয়া বাহনৰ পাৰ্কিং ৰেট ১০ টকা আৰু দুঘণ্টা পাৰ হোৱাৰ পিছত প্ৰতি ঘণ্টাত ভৰিব লাগিব দহ টকাকৈ।
- একেদৰে ট্ৰাকৰ প্ৰাকিং ৰেট ২০ টকা।
জি এম চিয়ে বান্ধি দিয়া নিয়ম অমান্য কৰিলে অভিযোগ দাখিল কৰিব পাৰিব বাহনৰ গৰাকীয়ে।
এই সম্পৰ্কীয় যিকোনো তথ্যৰ বাবে জি এম চিৰ কণ্ট্ৰ’ল ৰুমৰ 8811007000, 7399003001, 7399003002, 7399003003, 739900300 নম্বৰত যোগাযোগ কৰিব পাৰিব।