NORTHEAST NOW (Assamese)
অসম

বিস্ফোৰণত জড়িত নহয় প্ৰাণময়-জাহ্নৱী, আৰক্ষীয়ে “মে’কিং” কৰিছে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 18, 2019 6:48 am
Guwahati grenade blast: ULFA-I C-in-c Paresh Barua contradicts police claim, says Pranmay-Jahnavi not involved

পৰেশ বৰুৱাই দাবী কৰিছে আৰক্ষীৰ জিম্মাত থকা প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়া গুৱাহাটীৰ বুধবাৰৰ গ্ৰেনে’দ বিস্ফোৰণত জড়িত নহয়।

আলফা-স্বাধীন সেনাপ্ৰধানজনে লগতে কৈছে যে জাহ্নৱী শইকীয়াৰ ঘৰত বহু পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ হোৱা বুলি অসম আৰক্ষীয়ে কৰা দাবী “মে’কিং”।

আৰক্ষীয়ে “সফলতা জাহিৰ”ৰ বাবে এই দাবী কৰা বুলি মন্তব্য কৰি এটা টিভি চেনেলক শুকুৰবাৰে বৰুৱাই কয় বিস্ফোৰণটো বা আলফা-স্বাঃৰ সৈতে ধৃত দুয়োগৰাকীৰ ”প্ৰত্যক্ষ বা পৰোক্ষ” কোনো সম্পৰ্ক নাই।

কিন্তু একে সময়তে, ৰাজগুৰু-শইকীয়াৰ তেওঁলোকৰ সংগঠনৰ প্ৰতি “নৈতিক” সমৰ্থন থকাৰ কথা সদৰী কৰি বৰুৱাই কয় শইকীয়াৰ ঘৰত হয়তো সংগঠনৰ কেদাৰে আশ্ৰয় ল’ব পাৰে।

বিস্ফোৰণটোৰ ঠিক পিছতে দায়িত্ব স্বীকাৰ কৰা বৰুৱাই ঘটনাটোত অসামৰিক লোক আঘাতপ্ৰাপ্ত হোৱাৰ বাবে আলফা-স্বাঃ ক্ষমাপ্ৰাৰ্থী বুলি মন্তব্য কৰিছে। “আমাৰ লক্ষ্য আছিল চি আৰ পি এফ আৰু এচ এচ বি।”

ঘটনাটোত কেইবাজনো নিৰীহ সাধাৰণ মানুহে আঘাত পাইছে আৰু তেওঁলোকৰ জীৱিকা ক্ষতিগ্ৰস্ত হৈছে।

পৰেশ বৰুৱাৰ দাবীৰ বিপৰীতে মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে দাবী কৰিছে বৃহস্পতিবাৰৰ অভিযানত শইকীয়াৰ ঘৰত প্ৰায় ২০ কে’জি বিস্ফোৰক, এটা ৯ এমএম পিস্তল আৰু আলফাৰ বহু নথি-পত্ৰ জব্দ হৈছে।

এই সন্দৰ্ভত আৰক্ষীৰ হাতত স্বীকাৰোক্তি আছে বুলিও কুমাৰে সংবাদ মাধ্যমক কৈছে।

কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশে শুকুৰবাৰে ধৃত দুয়োগৰাকীকে ১০ দিনৰ আৰক্ষী জিম্মাত দিছে। আৰক্ষীয়ে তেওঁলোকক ১৪ দিনৰ বাবে হেফাজতত বিচাৰিছিল।

আটকাধীন অৱস্থাত সাংবাদিকৰ সৈতে মুখামুখিত শইকীয়াই নীৰৱতা অৱলম্বন কৰিছে। বিপৰীতে, ৰাজগুৰুৱে বিস্ফোৰণটোত তেওঁ জড়িত নহয় বুলি দাবী কৰি একে সময়তে আলফাৰ “সংগ্ৰাম”ৰ প্ৰতি মুক্ত সমৰ্থন দোহাৰিছে।

লগতে পঢ়িব পাৰে– প্ৰাণময় ৰাজগুৰু আলোচনাৰত নে আলফা (স্বাধীন) পন্থী?