• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাণময় ৰাজগুৰু আলোচনাৰত নে আলফা (স্বাধীন) পন্থী?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 16, 2019 9:15 pm
Guwahati grenade blast: Pranmay Rajguru pro-talk ULFA or ULFA-I?

আলফাৰ কাকপথাৰ কেম্প? প্ৰাণময় ৰাজগুৰুৱে ফে’চবুকত ৰাজহুৱা কৰি ৰখা ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীত বুধবাৰৰ বিস্ফোৰণৰ পিছতে আৰক্ষীয়ে আটক কৰা প্ৰাণময় ৰাজগুৰু আলোচনাৰত আলফা নে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন) পন্থী?

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰ আৰু আলফা (স্বাঃ) সেনাপ্ৰধান বৰুৱাৰ ভাষ্যৰ বিপৰীতে আলোচনাৰত আলফা নেতাসকলৰ মন্তব্যই সৃষ্টি কৰিছে এই প্ৰশ্নৰ।

Apply Now

বৰুৱাই ঘটনাৰ পিছতে দায়িত্ব স্বীকাৰ কৰাৰ বিপৰীতে ৰাজগুৰু আলফাৰ “জ্যেষ্ঠ নেতা” আৰু বিস্ফোৰণৰ সৈতে জৰিত বুলি দাবী কৰিছে আৰক্ষী আয়ুক্তই।

ঘটনাটোৰ সকলো আঁতি-গুৰি আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ কৰা বুলি দাবী কৰি আয়ুক্তই কৈছে ৰাজগুৰু ১৯৮৬ চনত আলফাত যোগ দিয়া জ্যেষ্ঠ নেতা।

কিন্তু আলফাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অনুপ চেতিয়াই ৰাজগুৰু আলোচনাৰত আলফা সদস্য নহয় বুলি দাবী কৰাৰ লগতে সংগঠনত তেওঁক কেতিয়াও লগ পোৱা নাই বুলিও উল্লেখ কৰিছে।

“প্ৰাণময় ৰাজগুৰুক আলফাত মই পূৰ্বে কেতিয়াও লগ পোৱা নাই। মই জনাত তেওঁ আলফাৰ প্ৰশিক্ষণপ্ৰাপ্ত সদস্য নাছিল। লগতে আলোচনাপন্থী আলফাৰ তালিকাতো তেওঁৰ নাম নাই। আলোচনাপন্থী আলফাই পোৱা চৰকাৰৰ ভাট্টাও তেওঁ নাপায় ১৯৮৫ চনত তেওঁ আলফাত যোগ দিলে তেওঁ আলফাৰ এজন জ্যেষ্ঠ সদস্য হ’লহেঁতেন আৰু তেওঁ আলোচনা প্ৰক্ৰিয়াত থাকিলে আমাৰ তালিকাখনত থাকিলহেঁতেন আৰু চৰকাৰী ভাট্টাও পালেহেঁতেন,” নৰ্থ ইষ্ট নাও-ক চেতিয়াই জনায়।

ইফালে ৰাজগুৰু আলফাৰ “প্ৰশিক্ষণপ্ৰাপ্ত” সদস্য নহ’লেও, আলোচনাপন্থীৰ তালিকাত তেওঁৰ নাম থকা বুলি দাবী কৰিছে আন এজন আলফা নেতা মৃণাল হাজৰিকাই।

হাজৰিকাই জনোৱা মতে ২০০৯ চনত তেওঁলোক যুদ্ধবিৰতিলৈ অহাৰ পাছত ৰাজগুৰুক “সদস্য হিচাপে সুমুৱাই লোৱা হৈছিল”।

লগতে পঢ়ক– আটক আলফা নেতা প্ৰাণময় ৰাজগুৰু, মহিলা; পাঞ্জাবাৰীত অভিযান সমাপ্ত আৰক্ষীৰ ||Video||

কিন্তু তেওঁ লগতে কয় যে তেওঁলোকৰ সশস্ত্ৰ সংগ্ৰামৰ সময়ত ৰাজগুৰু শিৱসাগৰত সমাজকৰ্মীৰূপেহে সক্ৰিয় আছিল। বৰ্তমান ৰাজগুৰুৰ সৈতে কোনো যোগাযোগ নথকা বুলিও হাজৰিকাই জনায়।

হাজৰিকা আলফাৰ এসময়ৰ “কাকপথাৰ কেম্প”ৰূপে পৰিচিত ২৮নং বেতেলিয়নৰ কমান্দাৰ আছিল। ২০০৮ চনৰ ২৪ জুনত ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে তেওঁলোকে নিজাববীয়াকৈ “অস্ত্ৰবিৰতি” ঘোষণা কৰিছিল।

আলফাৰ সভাপতি অৰৱিন্দ ৰাজখোৱাকে ধৰি বেছিভাগ শীৰ্ষ নেতাক বাংলাদেশে ভাৰতক গতাই দিয়াৰ পিছত ২০১১ চনৰ পৰা দুয়োটা গোটে “আলফা”ৰূপে একেলগে ভাৰত চৰকাৰৰ সৈতে আলোচনা চলাই আছে।

পৰেশ বৰুৱাৰ নেতৃত্বত আলফা (স্বাধীন)এ সুকীয়া সংগ্ৰাম অব্যাহত ৰাখিছে।

ধৃত ৰাজগুৰুৱে ফে’চবুক একাউণ্টত বিভিন্ন সময়ত ৰাজহুৱা কৰি অহা ছবি আৰু প’স্তসমূহ দেখাত– আলফাৰ আদৰ্শৰ সমৰ্থনমূলক আৰু আলোচনাৰত বহু আলফা নেতাৰ সৈতে তেওঁৰ চিনাকী আছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd