DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আটক আলফা নেতা প্ৰাণময় ৰাজগুৰু, মহিলা; পাঞ্জাবাৰীত অভিযান সমাপ্ত আৰক্ষীৰ ||Video||

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 16, 2019 4:21 pm
5k
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে পুৱা চাৰি বজাৰে পৰা গুৱাহাটীৰ পাঞ্জাবাৰীৰ এটা ভাৰাঘৰত চলা আৰক্ষীৰ অভিযানত আটক হৈছে আলফা নেতা প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়া নামৰ এগৰাকী মহিলা।

আবেলি প্ৰায় ৪ বজাত অভিযান সামৰি আৰক্ষীয়ে ইতিমধ্যে দুয়োকে ঘৰটোৰ পৰা আটক কৰি নিছে।

ধৃত আলফা নেতা ৰাজগুৰুৱে বুধবাৰৰ বিস্ফোৰণত জৰিত থকাৰ কথা অস্বীকাৰ কৰিছে। “মই জৰিত নহয়। আমাৰ সংগ্ৰাম অব্যাহত থাকিব,” অভিযানথলীত উপস্থিত সাংবাদিকক এইদৰে কৈ গ’ল আলফা নেতাজনে।

বুধবাৰে সন্ধিয়া গ্ৰেনে’দ বিস্ফোৰণটোৰ পিছতে চলা আৰক্ষীৰ অভিযানটোত ভাৰাঘৰটোৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ বিস্ফোৰককে ধৰি এটা ৯ এম এম পিস্তল আৰু ২৫ জাঁই সক্ৰিয় গুলী।

আলফা নেতা প্ৰাণময় ৰাজগুৰু মহিলাগৰাকীৰ ঘৰলৈ প্ৰায়েই আহে বুলি জানিব পৰা গৈছে। আনহাতে ধৃত মহিলাগৰাকী আলফা নেতাজনৰ আত্মীয় বুলি তেওঁলোকে দাবী কৰিছে।

লগতে পঢ়ক– গুৱাহাটীত ভাৰাতীয়া মহিলাৰ ঘৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক, ৯এমএম পিস্তল-গুলী

অসমৰ একাংশ সংবাদ মাধ্যমলৈ ফ’ন কৰি বুধবাৰৰ বিস্ফোৰণৰ দায়িত্ব ইতিমধ্যে স্বীকাৰ কৰিছে আলফা (স্বাধীন) সেনাপ্ৰধান পৰেশ অসমে।

উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ মাজত গ্ৰেনে’দ বনোৱা সামগ্ৰীও আছে। ইতিমধ্যে অভিযানস্থলীত উপস্থিত হোৱা ফৰেনচিক দলক সামগ্ৰীসমূহ ফৰেনচিক পৰীক্ষাৰ বাবে আৰক্ষীয়ে চমজাই দিছে।

পুৱা ৪ বজাৰ পৰাই চলি থকা অভিযানটোত মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্তকে ধৰি বহু জ্যেষ্ঠ বিষয়াও উপস্থিত আছে।

১০ দিন পূৰ্বে ঘৰটো ভাৰালৈ লোৱা মহিলাগৰাকী শিৱসাগৰৰ আমোলাপট্টিৰ বুলি জানিব পৰা গৈছে।

অধিক খবৰৰ বাবে অপেক্ষা কৰি থকা হৈছে।

Recent News

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd