NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী ৰেইলৱে আৰক্ষীৰ জালত ত্ৰিপুৰাৰ দুজন যুৱক; জব্দ নিচাজাতীয় টেবলেট

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 6, 2019 2:36 pm
Drugs

আজি গুৱাহাটী ৰেইলৱে ষ্টেশ্যনত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ দুজন বহিঃ ৰাজ্যৰ যুৱকক ৰেইলৱে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

যুৱক দুজন ক্ৰমে ত্ৰিপুৰাৰ আম্বাছা জিলাৰ অম্লান দাস (২৮) আৰু নেপাল দাস (২৯) বুলি জানিবলৈ দিয়ে।

ৰেইলৱে আৰক্ষীয়ে ধৃত যুৱক দুজনৰ পৰা ৪৩২ টা স্পেচ’ৰিড পক্সিভন (spasorid poxivon) টেবলেট জব্দ কৰে। বৰ্তমান ৰেইলৱে আৰক্ষীৰ জিম্মাত আছে ধৃত যুৱক দুজন।

জানিব পৰা মতে যুৱক দুজনে আগৰতলাৰ পৰা দিল্লীলৈ আহি থকা অৱস্থাতে গুৱাহাটী ৰেইলৱে ষ্টেশ্যনত ৰেইলৱে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে টেবলেটখিনি।

উল্লেখ্য যে যুৱক দুজনে o-২০৫০১ নম্বৰৰ ৰাজধানী এক্সপ্ৰেছেৰে দিল্লীলৈ উক্ত নিচাযুক্ত টেবলেটখিনি সৰবৰাহৰ চেষ্টা কৰিছিল।

বৰ্তমান দুয়োজন যুৱকৰ বিৰুদ্ধে ৰেইলৱে আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।