NORTHEAST NOW (Assamese)
অসম

কপিলী নদীৰ মাথাউৰিৰ দাঁতিত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱতী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 6, 2019 3:46 pm
Raha girls story

ৰহাৰ আমচৈৰ পূববোলাত আজি ৰাতিপুৱা অচেতন অৱস্থাত পৰি থকা এগৰাকী যুৱতীক উদ্ধাৰ কৰা হয়।

কপিলী নদীৰ মথাউৰিৰ দাঁতিৰ খাৱৈত উদ্ধাৰ হোৱা যুৱতীগৰাকী যোৰহাটৰ বিনীতা গড় বুলি জানিব পৰা গৈছে।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি আজি ৰাতিপুৱা স্থানীয় লোকে যুৱতীগৰাকীক অচেতন অৱস্থাত সন্দেহজনকভাৱে মথাউৰিৰি দাঁতিৰ খাৱৈত পৰি থকা প্ৰত্যক্ষ কৰে।

স্থানীয় লোকে এনেদৰে এগৰাকী অচিনাকী যুৱতীক অচেতন হৈ পৰি থকা দেখি স্থানীয় আৰক্ষীক খবৰ দিয়ে।

স্থানীয় লোকৰ খবৰৰ ভিত্তিত তাৎকালীন চিকিৎসা সেৱা ১০৮ সৈতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু যুৱতীগৰাকীক নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীৰ এজন বিষয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰি বৰ্তমানলৈ ঘটনা সন্দৰ্ভত সঠিক কৈ একো জানিব পৰা হোৱা নাই বুলি উল্লেখ কৰে।

যুৱতীগৰাকীৰ সুস্থ হৈ উঠিলেহে এই সম্পৰ্কত সকলো দিশ পোহৰলৈ আহিব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ কৰা হয়।

যোৰহাটৰ যুৱতী এগৰাকী এনেদৰে কপিলী নদীৰ মথাউৰিৰ দাঁতিত ৰহস্য জনক উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি বৰ্তমান অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে।