NORTHEAST NOW (Assamese)
অসম

ৰাতিৰ আহাৰ খাই ঘৰ সোমাইছিল, পুৱা আমেৰিকাৰ বন্ধ কোঠাৰ পৰা উদ্ধাৰ দুই ভাৰতীয় ছাত্ৰৰ মৃতদেহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 15, 2024 6:23 pm

দেওবাৰে পুৱা আমেৰিকাৰ হাৰ্টফোৰ্ডৰ এটা এপাৰ্টমেণ্টৰ পৰা উদ্ধাৰ কৰা হয় দুজন তেলেগু ছাত্ৰৰ মৃতদেহ। এজন তেলেংগানাৰ পৰা আমেৰিকালৈ গৈছিল। আনজন অন্ধ্ৰ প্ৰদেশৰ পৰা আমেৰিকালৈ গৈছিল। সোমবাৰে এই কথা জানিবলৈ দিয়ে মৃতকৰ পৰিয়ালৰ এজন সদস্যই।

নিহতসকলৰ এজনৰ নাম গাট্টু দিনেশ (২২)। তেওঁ তেলেংগানাৰ ৱানাপাৰ্থী গাঁৱৰ বাসিন্দা আছিল। আৰু আনজনৰ নাম নিকেশ (২১)। তেওঁ অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকাকুলামৰ বাসিন্দা। ২৮ ডিচেম্বৰত তেওঁলোক আমেৰিকালৈ গৈছিল ইউনিভাৰ্চিটি অৱ দ্য চেক্ৰেড হাৰ্টত কম্পিউটাৰ বিজ্ঞানত স্নাতকোত্তৰ অধ্যয়নৰ বাবে। দেওবাৰে তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হয়।

স্থানীয় সাংবাদিকৰ আগত দীনেশৰ মোমায়েকে জনোৱা মতে, আৰক্ষীয়ে আমেৰিকাৰ পৰা পৰিয়ালটোক ফোন কৰি ঘৰটোত মৃতদেহ দুটা পোৱা বুলি জনাইছে। দীনেশৰ মোমায়েক সাইনাথে কয়, প্ৰাথমমিকভাৱে শনিবাৰে নিশা দুয়োজনেই ৰাতিৰ আহাৰ শেষ কৰি এপাৰ্টমেণ্টলৈ উভতি অহা বুলি অনুমান কৰা হৈছে। তাৰ পাছত সিহঁত শুই পৰিছিল। পিছদিনা সিহঁতৰ লগৰবোৰ সেই ঘৰলৈ আহি সিহঁতক ফোন কৰিবলৈ ধৰিলে। কিন্তু কোনো উত্তৰ নাপালে। তাৰ পিছত তেওঁলোকে আৰক্ষীক খবৰ দিয়ে।

লগতে পঢ়কঃ হত্যা কৰা হৈছিল ডিয়েগো মাৰাডোনাক; বিস্ফোৰক দাবী কিংবদন্তিৰ পুত্ৰৰ

ঘটনাস্থলীত আৰক্ষী আহি দুৱাৰখন ভাঙি পেলায়। তাৰ পিছত তেওঁলোকৰ দেহ উদ্ধাৰ কৰি মৃতদেহ দুটা স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। তাত থকা চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে।

কিন্তু তেওঁলোকৰ মৃত্যু কেনেকৈ হ’ল? কাৰ্বন মনোক্সাইডত শ্বাসৰুদ্ধ হৈ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে। দুৱাৰ-খিৰিকী বন্ধ কৰি শুইছিল। কোঠাটোত হিটাৰটো জ্বলি আছিল। প্ৰচণ্ড ঠাণ্ডাৰ বাবে ঘৰতে হিটাৰ জ্বলাই শুইছিল। কিন্তু সম্ভৱতঃ ভিতৰত কাৰ্বন মনোক্সাইড ভৰাই থোৱা আছিল। তাৰ বাবেই তেওঁলোক শ্বাসৰুদ্ধ হৈ পৰে।

মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা নকৰালৈকে মৃত্যুৰ সঠিক কাৰণ জানিব পৰা নাযাব বুলি কয় সাইনাথে। ৱানাপাৰ্থীৰ বিধায়িকা টুৰি মেঘা ৰেড্ডীয়ে কয় যে তেওঁলোকৰ মৃতদেহ ঘৰলৈ ঘূৰাই অনাৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে।

লগতে পঢ়কঃ প্ৰাক্তন কনিষ্ঠ সহকৰ্মীক হোটেললৈ আমন্ত্ৰণ; চিইঅ’ৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ যুৱতীৰ!

ইপিনে, শেহতীয়াকৈ দিল্লীৰ বন্ধ ঘৰত শ্বাসৰুদ্ধ হৈ ৬ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। তেওঁলোকেও ঘৰৰ ভিতৰত কয়লা জ্বলাই ৰাখিছিল।