NORTHEAST NOW (Assamese)

গুৱাহাটীৰ হেঙেৰাবাৰীত ভয়ংকৰ অগ্নিকাণ্ড: অগ্নিদগ্ধ হৈ ৯৮ বছৰীয়া বৃদ্ধৰ কৰুণ মৃত্যু

November 29, 2025 7:13 pm · এন ই নাও নিউজ,গুৱাহাটী

শনিবাৰে বিয়লি গুৱাহাটীৰ হেঙেৰাবাৰী অঞ্চলৰ মন্দিৰৰ সমীপত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত ধেমাজিৰ ধৰ্মেশ্বৰ বণিয়া (৯৮) নামৰ এজন বৃদ্ধ অগ্নিদগ্ধ হৈ মৃত্যু হয়। তেওঁ চিকিৎসাৰ বাবে বিগত ৭ মাহ ধৰি কন্যাৰ ভাৰাঘৰত বাস কৰি আহিছিল। দুৰ্ঘটনাৰ সময়ত তেওঁ নাতিনীয়েকৰ সৈতে ঘৰত আছিল, আৰু জীয়েক কামৰ বাবে বাহিৰলৈ ওলাই গৈছিল।

জুইৰ লেলিহান শিখাত নিমিষতে ঘৰখন সম্পূৰ্ণৰূপে ভস্মীভূত হৈ যায়। সূত্ৰ অনুসৰি দুখন মটৰচাইকেল, এখন স্কুটী আৰু এখন চাৰিচকীয়া বাহনো অগ্নিত জাহ যায়। চৌহদটো ইমান সোনকালে জুইয়ে আগুৰি ধৰে যে অগ্নিনিৰ্বাপক বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ পূৰ্বে বাহনসমূহ সম্পূৰ্ণৰূপে জুইত জ্বলি শেষ হৈ পৰে।

ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ) আৰু স্থানীয় লোকৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপনৰ চেষ্টা কৰিলেও বৃদ্ধ লোকজনক বচাব নোৱাৰিলে। বহু চেষ্টাৰ মূৰত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয়।

প্ৰাৰ্থনাৰ বাবে পুৱা ধূপ, চাকি জ্বলাওঁতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। অৱশ্যে অগ্নিকাণ্ডৰ সঠিক কাৰণ এতিয়াও জানিব পৰা নাই। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু ইতিমধ্যে ঘটনাস্থলী পৰ্যবেক্ষণ কৰি প্ৰাথমিক তথ্য সংগ্ৰহ কৰিছে। এই শোকাবহ ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

Related News