NORTHEAST NOW (Assamese)
Popular Stories

ইতিহাসিক মুহূৰ্তঃ প্ৰথমবাৰৰ বাবে গুৱাহাটীত মহিলা বিশ্বকাপৰ ছেমিফাইনেল আয়োজন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 29, 2025 12:42 pm

ক্ৰিকেট ইতিহাসৰ এক ঐতিহাসিক মুহূৰ্তৰ বাবে সাজু হৈছে অসম। প্ৰথমবাৰৰ বাবে গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ’ব মহিলা আই চি চি বিশ্বকাপ-২০২৫ৰ ছেমিফাইনেল। আজি নিশা বৰ্ষাপাৰাৰ এচিএ ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব ইংলেণ্ডে।

বৰ্ষাপাৰাৰ এচিএ ষ্টেডিয়ামত মহিলা আই চি চি বিশ্বকাপ-২০২৫ পঞ্চমখন খেল অনুষ্ঠিত হ’ব। ইতিমধ্যে ৩০ ছেপ্টেম্বৰত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হোৱা উদ্বোধনী মেচখন বৰ্ষাপাৰা ষ্টেডিয়ামত আয়োজন কৰা হৈছিল।

বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই কয় যে, “গুৱাহাটীৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট আয়োজনৰ এক বৃহৎ ইতিহাস আছে। আইচিচিৰ অধ্যক্ষ জে শ্বাহৰ পৃষ্ঠপোষকতাত গুৱাহাটীত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰাটো সম্ভৱ হৈছে” তেওঁ লগতে সংযোগ কৰে যে ভাৰতে ২২ নৱেম্বৰৰ পৰা ইয়াত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পুৰুষৰ টেষ্ট মেচ অনুষ্ঠিত হ’ব।

অনুৰাগীসকলে খেলখনক লৈ ৰোমাঞ্চিত হৈ পৰাৰ সমান্তৰালভাৱে একাংশ অনুৰাগীয়ে ভাৰতীয় মহিলা দলটোৱে নক আউট হোৱাৰ পিছত গুৱাহাটীত খেলাৰ সুযোগ হেৰুৱাৰ বাবে দুখ প্ৰকাশ কৰিছে।