NORTHEAST NOW (Assamese)
অসম

অহা বছৰৰ ভিতৰত গুৱাহাটীৰ পৰা ছিংগাপুৰ আৰু থাইলেণ্ডলৈ পোনপটীয়া বিমানসেৱা

Posted by: এন ই নাও নিউজ September 8, 2018 6:54 pm
অহা বছৰৰ ভিতৰত গুৱাহাটীৰ পৰা ছিংগাপুৰ আৰু থাইলেণ্ডলৈ পোনপটীয়া বিমানসেৱা

অহা বছৰৰ ভিতৰত গুৱাহাটীৰ পৰা ছিংগাপুৰ আৰু থাইলেণ্ডলৈ পোনপটীয়া বিমানসেৱাৰ প্ৰচলন কৰা হ’ব। এই কথা আজি জানিবলৈ দিছে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জয়ন্ত সিনহাই।

আজি নতুন দিল্লীত অনুষ্ঠিত নেষ্ট ফেষ্ট নামৰ অনুষ্ঠানটোত উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰীজনে এই কথা জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে গুৱাহাটীৰ পৰা থাইলেণ্ড, ম্যানমাৰ, ছিংগাপুৰ, ভূটানলৈ পোনপটীয়া বিমানসেৱাৰ দাবী উঠি আহিছে বহু দিনৰ পৰা।

মন কৰিব লগীয়া কথাটো হ’ল গুৱাহাটীস্থিত বিমানবন্দৰটোৰ নামটো যদিও ‘লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ’, ইয়াৰ পৰা বিদেশলৈ পোনপটীয়া বিমানসেৱা নাই। কিন্তু যোৱা এপ্ৰিল মাহত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিমান বন্দৰটোক সঁচা অৰ্থত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বন্দৰলৈ উন্নীত কৰা হ’ব বুলি ঘোষণা কৰিছিল।

এই উন্নীতকৰণ প্ৰক্ৰিয়াত ইয়াৰ পেছেঞ্জাৰ টাৰ্মিনেলকে ধৰি অন্যান্য দিশবোৰৰ সংস্কাৰ সাধন কৰা হ’ব বুলি তেওঁ জানিবলৈ দিছিল। বিশেষকৈ আছিয়ান দেশবোৰৰ সৈতে বাণিজ্যিক লেনদেনৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়লৈ উন্নীত কৰাৰ কথা ঘোষণা কৰিছিল মুখ্য মন্ত্ৰীজনে।