NORTHEAST NOW (Assamese)

অপ্সৰাত ছেকেণ্ড শ্ব’, বন্দনাত মেটিনী, সকলো হ’বগৈ স্মৃতি…

December 23, 2020 7:35 pm · এন ই নাও নিউজ
Updated: December 23, 2020 7:37 pm

এটা সময় আছিল যেতিয়া চিনেমাপ্ৰেমী বহুতেই চিনেমা হললৈ চিনেমা উপভোগ কৰিবলৈ গৈ টিকটৰ বাবে হেঁচা-ঠেলা কৰিছিল, টিকট নাপালে কেতিয়াবা ব্লেকতো টিকট কিনি চিনেমা চাইছিল।

গৰমৰ দিনত দিনটোৰ কাম-কাজ সামৰি নিশা বহুতে চিনেমা হললৈ ছেকেণ্ড শ্ব’ চাবলৈ গৈছিল।

কলেজলৈ যাওঁ বুলি বহুতে পুৱাৰ মেটিনী শ্ব’ চাবলৈ গৈছিল।

এনে বহু স্মৃতিয়ে হয়তো বহুতকে আজিও আমনি কৰে।

বহুতৰে বাবে বহু স্মৃতিৰ আকৰ গুৱাহাটীৰ অতি পুৰণি চাৰিটাকৈ চিনেমাহল এতিয়া সম্পূৰ্ণ ৰূপে বন্ধ  হৈ পৰিল।

সহজলভ্য প্ৰযুক্তি আৰু ক’ৰ’ণাতংকৰ বাবে দিয়া লকডাউনৰ ফলত এই চিনেমাহল কেইটাৰ স্বত্বাধিকাৰীসকল আৰ্থিক ভাবে প্ৰচুৰ ক্ষতিৰ সন্মুখীন হৈছিল।

সেয়ে উপায়ান্তৰ হৈ তেওঁলোকে চিনেমাহল কেইটা বন্ধ কৰি দিয়াৰ সিদ্ধান্ত হ’বলৈ বাধ্য হয়।

সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়া গুৱাহাটীৰ চিনেমাহল কেইটা হৈছে ক্ৰমে অপ্সৰা,মেঘদূত,উৰ্ৱশী আৰু বন্দনা।

বহুতৰে বহু স্মৃতি বিজড়িত এই চিনেমাহল কেইটা বন্ধ হৈ পৰাৰ খবৰে চিনেমাপ্ৰেমীসকলক ব্যথিত কৰি তোলা পৰিলক্ষিত হৈছে।

উল্লেখ্য কিছুদিন পূৰ্বে চৰকাৰে ৫০ শতাংশ দৰ্শকেৰে চিনেমাহলসমূহ খোলাৰ অনুমতি দিছিল যদিও কেৱল ৫০ শতাংশ দৰ্শকেৰে চিনেমাহল চলালে ব্যাপক লোকচান হোৱাৰ আশংকা কৰিয়েই হল কেইটা বন্ধ কৰি দিয়া হয়।

Related News