NORTHEAST NOW (Assamese)

গুৱাহাটী লোকসভা সমষ্টি : হাত, পদুম নে অন্যান্য?

April 20, 2019 9:07 am · কল্পজ্যোতি শইকীয়া
Updated: April 20, 2019 9:16 am
গুৱাহাটী সমষ্টিৰ চাৰিজন প্ৰাৰ্থী।

ৰাজ্যত লোকসভা নিৰ্বাচনৰ দুটা পৰ্য্যায়ৰ ভোটগ্ৰহণ হৈ যোৱাৰ পিছত এতিয়া চলিছে তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণ হ’ব লগীয়া সমষ্টিকেইটাৰ বাবে জোৰদাৰ প্ৰচাৰ। ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলৰ মাজত চলিছে ভোটাৰক আকৰ্ষণ কৰাৰ প্ৰতিযোগিতা।

ৰাজনৈতিক মহলৰ বিশেষ মনোযোগ আছে গুৱাহাটী লোকসভা সমষ্টিৰ ওপৰত।

সমষ্টিটোত দলীয় আৰু নিৰ্দলীয় মিলাই মুঠ ১৭গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে যদিও মূল যুঁজখন হ’ব বিজেপি, কংগ্ৰেছ আৰু নিৰ্দলীয় দুগৰাকী প্ৰাৰ্থীৰ মাজত।

যোৱা ১০ বছৰ ধৰি বিজেপিৰ সাংসদ বিজয়া চক্ৰৱৰ্তীৰ দখলত আছে গুৱাহাটী লোকসভা সমষ্টিটো। প্ৰধান মন্ত্ৰী প্ৰাৰ্থী হিচাপে মোদীৰ উত্তৰণৰ বহু বছৰ আগৰ পৰাই বিজেপিয়ে সমষ্টিটোত নিজৰ খোপনি ৰাখিছে।

কিন্তু বিজেপিৰ এই ধাৰাবাহিকতা অক্ষুণ্ণ থাকিবনে তাক লৈ এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে। কিয়নো নাগৰিকত্ব সংশোধনী বিধেয়ক, কুইন ওজাৰ শিক্ষাগত অৰ্হতা, অগপ কৰ্মীৰ মিত্ৰতাৰ ক্ষোভ ইত্যাদি বহু কাৰকে এইবাৰ বিজেপিৰ জয়ৰ ধাৰাত বাধা দিব পাৰে।

তথাপি বিজেপিৰ সম্ভাৱনাক সম্পূৰ্ণ নসাৎ কৰিব নোৱাৰি। সমষ্টিটোত মূলতঃ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মা আৰু বিজেপি প্ৰাৰ্থী কুইন ওজাৰ মাজতে মূল যুঁজখন হোৱাৰ সম্ভাৱনা দেখিছে ৰাজনৈতিক মহলে।

এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপে সুপৰিচিতি থকা কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ পূৰ্বতে দূৰদৰ্শনৰ ‘বিদেশত আপোন মানুহ’ ধাৰাবাহিকৰ অনুষ্ঠানৰ আঁত ধৰোতা আছিল। আনহাতে বিজেপি প্ৰাৰ্থীগৰাকীয়ে পূৰ্বে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ হিচাপে কাৰ্য্যনিৰ্বাহ কৰাৰ উপৰি ২০১৪ চনলৈকে অগপৰ মহিলা পৰিষদৰ সাধাৰণ সম্পাদিকা হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

অৱশ্যে নতুনকৈ নিৰ্বাচনী ৰণত নমা নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকা আৰু জোনমণি দেৱী খাউণ্ড এনে দুটা নাম, যিকেইটা নিৰ্দলীয় বুলিয়ে উৰাই দিব নোৱাৰি। ববিতা শৰ্মা আৰু কুইন ওজাৰ মাজৰ মূল যুঁজত এওঁলোকেও এটা মাত্ৰা যোগ দিব পাৰে।

জোনমণি দেবী খাউণ্ড পেচাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা চলচ্চিত্ৰ নিৰ্মাতা। উপমন্যু হাজৰিকাও পেচাত অধিবক্তা। উচ্চতম ন্যায়ালয়ৰ অধিবক্তাজনৰ এটা সবল পৰিচয় আছে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক হিচাপেও।

মন কৰিব লগীয়া কথাটো হ’ল, কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাক সমষ্টিটোৰ পৰা টিকট দিয়াক লৈ অসন্তুষ্ট কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছীয়ে দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰৰ পৰা বিৰত থকা দেখা গৈছে।

প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰমেন বৰঠাকুৰ, জ্যেষ্ঠ কংগ্ৰেছী বলিন বৰদলৈ আৰু কংগ্ৰেছৰ উপ-সভাপতি দ্বিজেন শৰ্মাই ববিতা শৰ্মাৰ হৈ প্ৰচাৰ চলোৱাৰ পৰা বিৰত আছে।

কংগ্ৰেছৰ প্ৰাৰ্থীক লৈ সন্তুষ্ট নহয় ভোটাৰো। সমষ্টিটোৰ এজন ভোটাৰে আমাৰ আগত কয়, “ববিতা শৰ্মা শিক্ষিত প্ৰাৰ্থী, কংগ্ৰেছৰ প্ৰতিও সমৰ্থন আছে যদিও কিন্তু তেওঁৰ নেতৃত্ব ল’ব পৰাকৈ বলিষ্ঠ কণ্ঠ নাই। অন্য বহু প্ৰাৰ্থী আছিল।”

ইয়াৰ বিপৰীতে কুইন ওজাৰ ক্ষেত্ৰতো বহুতো সীমাবদ্ধতা দেখিবলৈ পোৱা গৈছে। প্ৰাৰ্থীগৰাকীৰ শিক্ষাগত অৰ্হতা এটা গুৰুত্বপূৰ্ণ সীমাবদ্ধতা হিচাপে ইতিমধ্যে সৰ্বত্ৰে চৰ্চা হৈছে। ইয়াৰোপৰি বিজেপিৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ তেওঁৰ বাবে এটা নেতিবাচক কাৰক হোৱাটো নিশ্চিত। বিধেয়কখনক মূল ইছ্যু কৰাত ব্যস্ত হৈ পৰিছে প্ৰতিদ্বন্দ্বী ববিতা শৰ্মাও।

বিধেয়কখনৰ পৰা ‘খিলঞ্জীয়া ৰাইজৰ ক্ষতি’ সম্পৰ্কত বক্তব্য ৰাখি ভোটাৰ ৰাইজৰ কাষ চপাত ব্যস্ত হৈ পৰিছে জোনমণি আৰু উপমন্যু হাজৰিকাও।

“বিজেপিয়ে কিছু পৰিমাণে উন্নয়নমূলক কাম কৰিছিল যদিও জাতিটোক ধ্বংস কৰা বিধেয়কখন আনিব বিচৰাৰ বাবে আমি ‘কেব’ৰ বিৰুদ্ধে ভোটদান কৰিম। জাতিটোৱে যদি ধ্বংস হৈ যায় তেন্তে উন্নয়ন কৰি কি লাভ?” নয়ন বৰুৱা নামৰ এজন যুৱ ভোটাৰে আমাৰ আগত কয়।

ইপিনে, সমষ্টিটোৰ সোণাপুৰ, চন্দ্ৰপুৰ আৰু ডিমৰীয়াৰ অসম গণ পৰিষদৰ মুঠ ১৬খন আঞ্চলিকে গ্ৰহণ কৰিছে বিজেপিৰ প্ৰাৰ্থীগৰাকীক ভোট নিদিয়াৰ সিদ্ধান্ত। নাগৰিকত্ব সংশোধনী বিধেয়কৰ পূৰ্ণ সমৰ্থক বিজেপিৰ সৈতে অগপৰ নেতৃত্বৰ মিত্ৰতাই ইয়াৰ অন্যতম এক কাৰণ বুলি তেওঁলোকে জানিবলৈ দিছে।

Related News