NORTHEAST NOW (Assamese)

মুকলি হ’ল গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱে; এবাৰত যাত্ৰা কৰিব পাৰিব ৩৫ জন যাত্ৰী

August 24, 2020 12:31 pm · কল্পজ্যোতি শইকীয়া
ফটো: নৰ্থইষ্ট নাও

অৱশেষত গুৱাহাটীবাসীৰ এটা দীৰ্ঘদিনীয়া আশা বাস্তৱত ৰূপায়িত হ’ল।

২০০৯ চনত তৰুণ গগৈৰ চৰকাৰৰ দিনতে আধাৰশিলা স্থাপন কৰাৰ সুদীৰ্ঘ ১১ বছৰৰ পাছত আজিৰে পৰা ৰাইজৰ বাবে মুকলি কৰা হ’ল এই ৰ’পৱে সেৱা।

সোমবাৰে মুকলি কৰা হ’ল গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱে।

আজি মুকলি অনুষ্ঠানত গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে।

১৮২০ মিটাৰ দৈৰ্ঘ্যৰ এই ৰ’পৱেটোৱেই হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী  নদীৰ ওপৰত থকা দেশৰ দীৰ্ঘতম ৰোপ ৱে।

উল্লেখ্য, নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো লকডাউনৰ বাবে ৰ’পৱেটো মুকলি কৰিব পৰা হোৱা নাছিল।

এই ৰ’পৱেৰে এবাৰত ৩৫ জন যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব বুলি গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই জনায়।

ৰ’প ৱেৰে কেৱল এবাৰ যাত্ৰা কৰাৰ বাবদ প্ৰতি গৰাকী যাত্ৰীৰ পৰা ৬০ টকাকৈ ভাড়া লোৱা হ’ব আৰু একোজন যাত্ৰীয়ে অহা-যোৱাৰ বাবদ সমুদায়  ১০০ টকা ভৰিব লাগিব বুলি তেওঁ জনায়।

মুঠ ৫৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে এই ৰ’পৱে।

যাত্ৰী সকলৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৰ’পৱেত চিচি কেমেৰাৰো ব্যৱস্থা ৰখা হৈছে বুলি জানিব পৰা গৈছে।

ৰ’পৱেৰে ব্ৰহ্মপুত্ৰ নৈ পাৰ হ’বলৈ সময় লাগিব ৪৩৬ ছেকেণ্ড।

সমীৰ দামোদৰ ৰ’প ৱেজ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে সাজি উলিওৱা এই ৰ’পৱেৰ কেবিনৰ যোগান ধৰিছে ছুইজাৰলেণ্ডৰ GANGLOFF CABIN নামৰ কোম্পানীটোৱে।

দেশৰ দীৰ্ঘতম নদীৰ ওপৰত থকা ৰ’পৱেটোৰ সুৰক্ষা সম্পৰ্কীয় প্ৰমাণপত্ৰ দিছে ছুইজাৰলেণ্ডৰে GARAVENTA AG নামৰ প্ৰতিষ্ঠানটোৱে।

Related News