NORTHEAST NOW (Assamese)
অসম

Myanmar, গুৱাহাটীত গ্রেপ্তাৰ ২৬গৰাকীকৈ ম্যানমাৰৰ নাগৰিক; ভুৱা ভোটাৰ-আধাৰ কাৰ্ডকে ধৰি নথিপত্ৰ জব্দ

Posted by: এন ই নাও নিউজ September 13, 2021 10:56 am
Myanmar

Myanmar, গুৱাহাটীত গ্ৰেপ্তাৰ কৰা হৈছে ২৬ গৰাকীকৈ ম্যানমাৰৰ নাগৰিক।

দেওবাৰে নিশা গুৱাহাটীৰ পল্টন বজাৰৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে উক্ত ২৬ গৰাকী ম্যানমাৰৰ নাগৰিকক।

ধৃত ম্যানমাৰৰ নাগৰিককেইজনৰ পৰা মিজোৰামৰ ঠিকনাসহ ভুৱা ভোটাৰ পৰিচয় পত্ৰ, আধাৰ কাৰ্ড জব্দ কৰিছে আৰক্ষীয়ে।

ধৃত লোকসকলৰ পৰা আৰক্ষীয়ে ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্তৰো (UNHCR) ভুৱা পৰিচয় পত্ৰ উদ্ধাৰ কৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে ধৃত ম্যানমাৰৰ নাগৰিকে দিল্লীলৈ যোৱাৰ পৰিকল্পনা কৰিছিল।

Read Also :Road accident at Nagrijuli, নাগ্ৰীজুলিত ভয়াবহ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক, গুৰুতৰভাৱে আহত আন এজন

ম্যানমাBibeson peguৰৰ এই নাগৰিকসকলক ভুৱা ভাৰতীয় আধাৰ কাৰ্ড আৰু ভোটাৰ পৰিচয় পত্ৰেৰে গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই অসম তথা ভাৰতত যে বিদেশী নাগৰিকে অবৈধভাৱে প্ৰৱেশ কৰি আছে এই উদ্বেগজনক কথাটোকে প্ৰমাণ কৰিছে।

ইতিমধ্যে আৰক্ষীয়ে পল্টন বজাৰ আৰক্ষী থানাত ৮৬০/২০২১ নম্বৰত এক গোচৰ ৰুজু কৰিছে।

বিদেশী আইন ১৯৪৬ ৰ ধাৰা ৪৬৮ IPC R/W Sec. 14, R/W  3/4 পাছপোৰ্ট (ভাৰতত প্ৰৱেশ) আইন, ১৯২০ আৰু পাছপোৰ্ট নীতি (ভাৰতত প্ৰৱেশ) ১৯৫০ৰ অধীনত R/W Sec. 6 অধীনত ৰুজু কৰা হৈছে উক্ত গোচৰটো।