NORTHEAST NOW (Assamese)

মহানগৰীত কঠোৰ আৰক্ষী; ল’কডাউনৰ প্ৰথম দিনটোতে ১১২ খন বাহন জব্দ

June 29, 2020 8:41 pm · দীপজ্যোতি শৰ্মা
Updated: June 29, 2020 10:53 pm

গুৱাহাটী মহানগৰীত ক’ৰ’না ভাইৰাছৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ২৮ জুনৰ পৰা চৈধ্য দিনৰ বাবে সম্পুৰ্ণ ল’কডাউন ঘোষণা কৰিছে।

দেওবাৰে নিশাৰ পৰা কাৰ্য্যকৰী হোৱা ল’কডাউনৰ সময়ত গুৱাহাটী মহানগৰীত একাংশ লোকে ল’কডাউন ভংগ কৰা দেখা গ’ল।

আজি সন্ধিয়া ৫ বজা পৰ্যন্ত গুৱাহাটী মহানগৰীত আৰক্ষীয়ে ৭৩ খন দুচকীয়া বাহন, ১৭ খন তিনিচকীয়া বাহন, ৪০ খন চাৰিচকীয়া বাহন আৰু দুখন ছয়চকীয়া বাহনকে ধৰি মুঠ ১৩২ খন বাহন জব্দ কৰিছে।

আনহাতে, আৰক্ষীয়ে এতিয়ালৈ ল’কডাউন ভংগ কৰাৰ অপৰাধত ২৬ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ কৰা ২৬ গৰাকী ব্যক্তিৰ ভিতৰত চাৰি গৰাকী ব্যক্তিৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে।

তদুপৰি, ল’কডাউনৰ প্ৰথম দিনটোত আৰক্ষীয়ে ৩০০০ টকা জৰিমণা সংগ্ৰহ কৰিছে।

উল্লেখযোগ্য যে, গুৱাহাটী মহানগৰীত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ অত্যাধিক হাৰত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।

দেওবাৰৰ দিনটোত অসমত নতুনকৈ ৩২৭ গৰাকী লোক ক’ৰ’না আক্ৰান্ত হৈছিল আৰু ইয়াৰে ভিতৰত ১৯৫ গৰাকী গুৱাহাটী মহানগৰীৰ।

Related News