NORTHEAST NOW (Assamese)
অসম

লখিমপুৰৰ ৰে’লপথৰ সমীপত উদ্ধাৰ গুৱাহাটীৰ ছাত্ৰ মৃতদেহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 2, 2024 2:47 pm
লখিমপুৰৰ ৰে’লপথৰ সমীপত উদ্ধাৰ গুৱাহাটীৰ ছাত্ৰ মৃতদেহ

লখিমপুৰত শনিবাৰে ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ হৈছে গুৱাহাটীৰ পৰা অহা এজন ছাত্ৰৰ মৃতদেহ।

লখিমপুৰৰ লীলাবাৰী অঞ্চলত ৰে’লপথৰ সমীপতে উদ্ধাৰ হৈছে মৃতদেহটো।

মৃত যুৱকজন  গুৱাহাটীৰ চান্দমাৰী নিবাসী জয় গগৈ বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃ ৰাজ্যসভাৰ ৩৩ শতাংশ সাংসদৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ; বিজেপিৰ ২৩ শতাংশ আৰু…

সূত্ৰৰ পৰা জানিব পৰা মতে ৰে’লৰ খুন্দাৰ ফলতে তেওঁৰ মৃত্যু হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে।

উচ্চতৰ মাধ্যমিক (এইচ এছ) বিজ্ঞান শাখাৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ জয়ে লখিমপুৰৰ জিনিয়াছ একাডেমীত অধ্যয়ন কৰিছিল।

মৃতদেহ আৱিষ্কাৰ হোৱাৰ পূৰ্বে বিগত দুদিন ধৰি তেওঁ সন্ধানহীন হৈ আছিল।