NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত উদ্ধাৰ আৰক্ষী বিষয়াৰ মৃতদেহঃ পৰকীয়া প্ৰেমৰ সন্দেহ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 2, 2024 4:45 pm
Police officer found dead

ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ৰংপুৰীয়াত আজি উদ্ধাৰ হয় নামৰূপ থানাৰ এজন আৰক্ষী বিষয়া মৃতদেহ। অনুপম গোৱালা নামৰ বিষয়াজনে নিজৰ চাৰ্ভিচ পিষ্টল ব্যৱহাৰ কৰি আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে।

আৰক্ষী বিষয়াজনৰ মৃতদেহৰ কাষতে উদ্ধাৰ হৈছে গুৰুতৰভাৱে আহত এগৰাকী মহিলা। লক্ষণীয়ভাৱে মহিলাগৰাকীৰ ঘৰতে এই ঘটনা সংঘটিত হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

আৰক্ষী বিষয়াজনে আত্মহত্যাৰ পূৰ্বে মহিলাগৰাকীক গুলীয়াই হত্যাৰ চেষ্টা কৰা বুলিও সন্দেহ কৰা হৈছে। আহত মহিলাগৰাকী সম্প্ৰতি অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।

সূত্ৰ অনুসৰি, আহত মহিলাগৰাকীৰ নাম বিষ্ণুপ্ৰিয়া লাহন। স্থানীয় লোকৰ ভাষ্য মতে, আৰক্ষী বিষয়াজনে আগ্নেয়াস্ত্ৰৰ পৰা চাৰিটা গুলী নিক্ষেপ কৰিছিল।

স্থানীয় এজন লোকে এই সন্দৰ্ভত দিয়া ভাষ্য মতে, দুপৰীয়া প্ৰায় ২ বজাত এটা ডাঙৰ শব্দ শুনিবলৈ পোৱাৰ পায়। প্ৰথমে তেওঁ এই শব্দ বিদ্যুতৰ শ্বৰ্ট চাৰ্কিট বুলি ধৰি লৈছিল যদিও পিছত গুলীৰ শব্দ বুলি জানিব পাৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। বিষয়াগৰাকী আৰু মহিলাগৰাকীৰ মাজত অবৈধ সম্পৰ্ক থকাৰ সন্দেহ কৰা হৈছে যদিও এই কাণ্ডৰ আঁৰৰ উদ্দেশ্য এতিয়াও স্পষ্ট হোৱা নাই।